আকৌ মূল্যবৃদ্ধি  ! পুনৰ মূল্যবৃদ্ধি হ’ব ২১ বিধকৈ সামগ্ৰীৰ ; চিন্তিত সাধাৰণ ৰাইজ !

Share

পুনৰ মাধমাৰ ! আৰু কিমান সহিব সাধাৰণ  জনতাই  ? আজিও ন’হল মূল্যবৃদ্ধিৰ নিয়ন্ত্ৰণ ! সাধাৰণ লোকৰ ওপৰত মাধমাৰ শোধাই এইবাৰ আকৌ ১৮ জুলাইৰ পৰা বৃদ্ধি পাব প্ৰায়  ২১ বিধ কৈ খাদ্য-সামগ্ৰীৰ দাম । শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বহুতো সামগ্ৰীৰ ওপৰত নতুনকৈ জি এছ টি  বলৱত কৰাৰ লগতে আন বহুতো সামগ্ৰীত জি এছ টি বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছিল । কেন্দ্ৰীয় চৰকাৰৰ এনে জনবিৰোধী সিদ্ধান্ত অনুসৰি সোমবাৰৰ পৰা অৰ্থাত ১৮ জুলাইৰ পৰা পেকেজিং কৰা খাদ্য সামগ্ৰী যেনে – দৈ, মাখন, মৌ, লাচ্ছি , পিঠাগুৰি , চিৰা, চয়াবিন আদিৰ পৰা আৰম্ভ কৰি মাছ , মাংস , পনীৰ সকেলাতে জি এছ টি  দিব লাগিব ।

তদুপৰি , প’ষ্টকাৰ্ড আৰু ইনলেণ্ড লেটাৰ , বুক প’ষ্ট আৰু ১০ গ্ৰামতকৈ কম ওজনৰ খামৰ বাহিৰে আন সকলো ডাকঘৰ সেৱাৰ ওপৰতো আৰোপ কৰা হ’ব কৰ । বেংকৰ চেক বুকৰ ক্ষেত্ৰতো গ্ৰাহকে দিব লাগিব ১৮ শতাংশ জি এছ টি ।যাৰ বাবে এতিয়া সাধাৰণ লোকৰ লগতে ক্ষুদ্ৰ ব্যৱসায়ীসকলেও চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ।ইফালে দৈনন্দিন জীৱনত অত্যাৱশ্যকীয় চাউল , দাইল, মিঠাতেল,শাক- পাচলিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে প্ৰতিবিধ সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আকাশৰ পৰিসীমা চুইছেগৈ ।যাৰ পৰিপ্ৰক্ষিতত   মূল্যবৃদ্ধিৰ জুইয়ে দহিব লৈছে ৰাজ্যৰ বজাৰ ।ফলশ্ৰুতিত এতিয়া বিপাঙত পৰা পৰিলক্ষিত হৈছে সাধাৰণ জনতা ।    

 

Leave a Reply

Your email address will not be published. Required fields are marked *