গুৱাহাটী, ৫ জুলাইঃ ৩০ তাৰিখৰ দিনা নিশা প্ৰায় ১-২ মান বজাত সংঘটিত হোৱা মণিপুৰৰ ভূমিস্খলনৰ আজি ষষ্ঠটো দিন। সেই ভূমিস্খলনত নিখোজ হোৱা বহু লোকৰ বৰ্তমানেও সন্ধান নাই। এতিয়াও উদ্ধাৰ অভিযান অব্যাহত আছে। এই উদ্ধাৰ কাৰ্যৰ বাবে প্ৰতিদিনে সন্ধান ওলাল গোলকগঞ্জৰ কমলেশ তালুকদাৰৰ মৃত দেহ উদ্ধাৰ হয়। আজি তেওঁৰ মৃতদেহ গুৱাহাটীলৈ অনাৰ সম্ভৱনা আছে। নিহত তালুকদাৰে ৰেল বিভাগৰ কনিষ্ঠ অভিযন্তা আছিল। গোলকগঞ্জৰ কালডোৱা দ্বিতীয় খণ্ড গাৱঁত ঘৰ নিহত কমলেশ তালুকদাৰৰ। তেওঁৰ মৃত্যুৰ খৱৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।