আত্মহত্যাৰ জোঁৱাৰ  ! এইবাৰ আত্মহত্যা কৰিলে লেখিকা মনীষা কাকতিয়ে ; কিন্তু কিয় ?

Share

চাঞ্চল্যকৰ  ! কিছুদিন পূৰ্বেই সংঘটিত হোৱা ধাৰাবাহিক আত্মহত্যাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ পৰিপ্ৰেক্ষিততে পুনৰ যেন আত্মহত্যাৰ ঘটনাৰ পুনৰাবৃত্তি । কালি নিশা প্ৰতিভাৱান লেখিকা মনীষা কাকতিয়ে আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ  । এগৰাকী সুলেখিকা হোৱাৰ লগতে “আবিলেক”  ৰ সহকাৰী গ্ৰন্থগাৰিক কাকতিয়ে হঠাত এনে আত্মহননৰ দৰে  চৰম পথ বাছি লোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে তেওঁৰ কৰ্মস্থলী উত্তৰ গুৱাহাটীৰ  ৰজাদুৱাৰ আৰু আত্মীয়ৰ মাজত গভীৰ শোকৰ ছাঁয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

‘দৈনিক অসম’ ৰ ‘ভিন্নসুৰী’ শিতানৰ লগতে বিভিন্ন পৃষ্ঠাত কেইবাটাও মনোগ্ৰাহী প্ৰবন্ধ ৰচনা কৰিছিল মনীষা কাকতিয়ে ।৭ মাহ পূৰ্বেই বিবাহপাশত আবদ্ধ হৈছিল লেখিকা মনীষা কাকতি । কিন্তু যোৱা নিশা “আবিলেক”  ত চিপ লৈ থকা অৱস্থাত  তেওঁৰ জথৰ শৰীৰ উদ্ধাৰ কৰে স্বামী আৰু এজন কৰ্মচাৰীয়ে ।তাৰ পাছতে তেওঁক তাত্ক্ষণিকভাৱে উত্তৰ গুৱাহাটীৰ জি এন আৰ চি হস্পিতাললৈ লৈ যোৱা হয় যদিও চিকিতসকে মৃত বুলি ঘোষণা কৰে মনীষা কাকতিক ।ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিতসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে মনীষা  কাকতিৰ মৃতদেহটো ।পিছে আত্মহত্যাৰ কাৰণক লৈ এতিয়াও ৰহস্যজনক স্থিতি ! ৭ মাহ আগেয়ে বিবাহ পাশত আবদ্ধ হোৱা মনীষা কাকতিয়ে কিয় এনে চৰম পথ বাছি ল’লে ?  কাহিনী , কাৰণ সকেলা যেন এতিয়া ৰহস্যৰ আৱৰ্তত !  

Leave a Reply

Your email address will not be published. Required fields are marked *