ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ দেশজুৰি চৰ্চা অব্য়াহত থকাৰ সময়তে ভাৰতীয় জনতা পাৰ্টীৰ হৈ নাম ঘোষিত হ’ল ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্য়পাল দ্ৰৌপদী মূৰ্মু । ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হোৱাৰ দিশে দ্ৰৌপদী মূৰ্মু । বৰ্তমান জনজাতীয় মহিলা দ্ৰৌপদী মুৰ্মুক লৈ সৰ্বত্ৰে চৰ্চা পৰিলক্ষিত হৈছে সামাজিক মাধ্য়ম তথা সংবাদ মাধ্য়মত । প্ৰকৃততে কোন এইগৰাকী দ্ৰৌপদী মূৰ্মু ? জীৱনৰ প্ৰথম কালছোৱাত শিক্ষকতাৰে জীৱন আৰম্ভ কৰাৰ পাছত উৰিষ্য়াৰ জলসিঞ্চন বিভাগত কেৰাণী হিচাপে কাম কৰা দ্ৰৌপদী মূৰ্মুৰ জীৱনলৈ যেন এবাৰ নহয় , তিনিবাৰ দুখৰ পাহাৰ নামি আহিছিল । প্ৰথমে তেওঁৰ স্বামী , তাৰ পাছতে দুই পুত্ৰৰ অকাল মৃত্য়ু হৈছিল । দ্ৰৌপদীৰ পৰিয়ালত আছে এতিয়া কেৱল তেওঁৰ জীয়ৰী ইতি, নাতিনী আৰু জোৱাই ।
উল্লেখ্য় যে , এই বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বােব বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা হৈছে দ্ৰৌপদী মূৰ্মু । মূৰ্মৰ নাম প্ৰথমবাৰৰ বাবে অহা নাছিল যদিও ২০১৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ঝাৰখণ্ডৰ তদানীন্তন ৰাজ্য়পাল অৰ্থাত্ দ্ৰৌপদী মূৰ্মু পূৰ্ণগতিত আছিল । কিন্তু সেই সময়ছোৱাত ৰামনাথ কোবিন্দৰ নাম মোহৰ লগোৱা হৈছিল আৰু তেওঁ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছিল । এতিয়া , বিজেপি সংসদীয় ব’ৰ্ডৰ বৈঠকত প্ৰায় ২০ টা নাম আলোচনাৰ অন্তত গণভোটত দ্ৰৌপদীৰ নাম ঘোষিত হৈছিল । এনে পৰিস্থিতিত , যদিহে নিৰ্বাচনত সফলতা লাভ কৰে , তেন্তে এসময়ত কেৰাণী হিচাপে কাম কৰা এইগৰাকী জনজাতীয় মহিলা মূৰ্মুই প্ৰথমবাৰৰ বাবে ৰাইচিনা পাহাৰৰ চিৰি বগাব ।
১৯৫৮ চনৰ ২০ জুনত উৰিষ্য়াৰ ময়ুৰভঞ্জ জিলাৰ বাইদাপোচি গাঁৱত জম্মগ্ৰহণ কৰা দ্ৰৌপদী মুৰ্মুৱে স্বামীৰ মৃত্য়ুৰ পাছত ঘৰ চলাবলৈ এসময়ত শিক্ষকতা আৰু কেৰাণী হিচাপে কাম কৰাৰ পাছত ১৯৯৭ চনত ৰায়ৰংপুৰ নগৰ পঞ্চায়তৰ কাউন্সিলাৰ নিৰ্বাচনত বিজয়ী হৈয়ে ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল দ্ৰৌপদী মূৰ্মুয়ে । ২০০০ আৰু ২০০৯ চনত উৰিষ্য়াৰ ময়ুৰভঞ্জ জিলাৰ ৰায়ৰংপুৰ আসনৰ পৰা দুবাৰকৈ বিধায়িকা হৈছিল দ্ৰৌপদী মূৰ্মুই । তদুপৰি ,উৰিষ্য়াত বিজু জনতা দল আৰু বিজেপিৰ মিত্ৰজোঁট চৰকাৰৰ শাসনকালছোৱাত ২০০০ ৰ পৰা ২০০৪ চনৰ ভিতৰত মন্ত্ৰীত্বৰ পদতো অধিষ্ঠিত হৈছিল এইগৰাকী দ্ৰৌপদী মূৰ্মু ।