বক্স অফিচত হিট লোকেল উৎপাত

Share
গুৱাহাটী, ২০ মেঃ বক্স অফিচত হিট লোকেল উৎপাত জোয়েশভাই জোৰদাৰ আৰু ডঃ ষ্ট্ৰেঞ্জ ছবিকো পিছ পেলালে লোকেল উৎপাতৰ উপাৰ্জনে। ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে জানিবলৈ দিয়ে যে ছবিখনৰ ইমান সফলতাই এতিয়া সকলোকে আচৰিত কৰি তুলিছে। কেনিয়ে সদৰি কৰা অনুসৰি ছবিখন ভৱাতকৈ অধিক আকোৱালি লৈছে দৰ্শকে।
বলীউডৰ ছবি জোয়েশভাই জোৰদাৰ আৰু হলীউডৰ ডঃ ষ্ট্ৰেঞ্জ ছবিৰ প্ৰথম সপ্তাহৰ যিমান উপাৰ্জন আছিল তাতকৈ অধিক উপাৰ্জন কৰিছে লোকেল উৎপাতে। লোকেল উৎপাতে প্ৰথম সপ্তাহত মুঠ ৪০ লাখ টকা উপাৰ্জন কৰিছে। সামাজিক মাধ্যমত কিছু সংখ্যকে শ্বেয়াৰ কৰা অনুসৰি দৰ্শকে ছবিখন এবাৰ নহয়, দুবাৰকৈ উপভোগ কৰিছে।
ছবিখনৰ পৰিচালক কেনি বসুমতাৰীয়ে কয় যে ছবিখন এতিয়া অসমৰ লগতে অসমৰ বাহিৰতো প্ৰদৰ্শন হব। অহা ২৭ মে’ শুকুৰবাৰৰ পৰা কলিকতা, নয়দা, মুম্বাই, খাৰঘৰ, বাংগালোৰ, দিল্লীত এটা সপ্তাহৰ বাবে প্ৰদৰ্শন কৰা হব। 

Leave a Reply

Your email address will not be published. Required fields are marked *