নিউজ ডেস্ক, ১৮ মেঃ নিৰ্বাচনৰ পূৰ্বে প্ৰতিবছৰে নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কৈছিল “মে মাহৰ ভিতৰত ১লাখ যুৱক-যুৱতীক বিভিন্ন বিভাগত নিযুক্তি প্ৰদান কৰা হব।” বৰ্তমান তেওঁৰ প্ৰতিশ্ৰুতি পুৰণৰ দিশত অটল। প্ৰতিশ্ৰুতি অনুসৰি ১লাখ চাকৰি সম্পূৰ্ণ কৰিবলৈ বদ্ধপৰিকৰ ৰাজ্য চৰকাৰৰ। শেহতীয়াভাৱে ৰাজ্যত প্ৰায় ২৩ হাজাৰ নিবনুৱাক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। অহা ডেৰ দুমাহৰ ভিতৰত আৰু ১০ হাজাৰ নিবনুৱাক চাকৰি দিবলৈ সাজু ৰাজ্য চৰকাৰ।
আনহাতে ৬মাহৰ ভিতৰতে আৰু ৩০ হাজাৰ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।