ৰাজ্যৰ স্বাস্থ্য খণ্ড এতিয়া উন্নয়নৰ দিশতঃ স্বাস্থ্য মন্ত্ৰী

Share
গুৱাহাটী, ১২ মেঃ ক্ৰমাৎ ৰাজ্যৰ স্বাস্থ্য খণ্ড উন্নয়ন হৈছে। অসমবাসীৰ বাবে এতিয়া সুখবৰ। বিহাৰ, কেৰালা, ত্ৰিপুৰা আদি ৰাজ্যবোৰৰ তুলনাত অসমে বহুত ভাল ফল দেখুওৱাবলৈ সক্ষম হৈছে। নৱজাতকৰ মৃত্যুৰ উল্লেখনীয় সফলতা লাভ। পূৰ্বতে নৱজাতকৰ মৃত্যুৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমৰ স্থান প্ৰথম আছিল। আৰু বৰ্তমান সেই পৰিৱেশ সলনি হৈছে। পৰিয়ালৰ স্বাস্থ্য জৰীপৰ প্ৰতিবেদন অনুসৰি পূৰ্বতে ৰাজ্যখনত এক হাজাৰ নৱজাতকৰ মাজত ৪৮ টা শিশুৰে মৃত্যু হৈছিল। কিন্তু এতিয়া এই সংখ্যা যথেষ্ট হ্ৰাস পাইছে। জনসংখ্যা নিয়ন্ত্ৰণৰ ৰাজ্যৰ লোকসকল পূৰ্বতকৈ বহু পৰিমাণে সচেতন হৈছে। ইফালে  চিকিৎসালয়ত সন্তান জন্ম দিয়াৰ ক্ষেত্ৰতো অসমত জনসাধাৰণ পূৰ্বতকৈ যথেষ্ট  গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে।  বৰ্তমান চিকিৎসালয়ত গৰ্ভৱতী মহিলা সংখ্যা ৫০০০ অধিক মহিলাই সন্তান জন্ম দিছে । এই ক্ষেত্ৰত অসমতকৈ বাকী ৰাজ্যসমূহ বহু পিছ পৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *