গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ পদক লৈ চলি থকা চৰ্চাৰ অন্ত পেলাই মঙ্গলবাৰে বিজেপিয়ে ২৯ নং ৱাৰ্ডৰ পাৰিষদ মৃগেন শৰণীয়াক পূনৰ মেয়ৰ হিচাপে নিৰ্বাচিত কৰিছে । ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মঙ্গলবাৰে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দ্বিতীয়বাৰৰ বাবে মৃগেন শৰণীয়াক মেয়ৰ হিচাপে নিৰ্বাচিত কৰাৰ পাছতেই উপ মেয়ৰ হিচাপে নিৰ্বাচিত হয় ২২ নং ৱাৰ্ডৰ বিজেপি পাৰিষদ স্মিতা ৰয়।
মেয়ৰ আৰু উপ মেয়ৰ হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে দুয়োগৰাকী লৈ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে, গুৱাহাটীবাসীৰ আশা-আকাংক্ষা যাতে মেয়ৰ আৰু উপ মেয়ৰে পূৰ কৰিব পাৰে, তাৰ বাবে মই দুয়োগৰাকীকে শুভেচ্ছা জনালোঁ। মেয়ৰ হোৱাৰ পাছতেই মৃগেন শৰণীয়াই মুখ্যমন্ত্ৰী ড° শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক ধন্যবাদ জ্ঞাপন কৰি কয় যে, গুৱাহাটীবাসীৰ মূল খোৱা পানীৰ সমষ্যা সমাধানৰ ব্যৱস্থা কৰিব।
ইফালে, মেয়ৰ পদৰ দাবীদাৰ হৈ থকা ৩৮ নং ৱাৰ্ডৰ পাৰিষদ শশাংক জ্যেতি ডেকাই মঙ্গলবাৰে বিজেপি ৰ পৰা পদত্যাগ কৰে।