আৰু কিমান সহিব সাধাৰণ জনতাই ? অভাৱনীয় মূল্যবৃদ্ধিক লৈ চিন্তিত সাধাৰণ ৰাইজ ! প্রতিলিটাৰত মিঠাতেল ১০ ৰ পৰা ৪০ টকালৈ বৃদ্ধি 

Share
গুৱাহাটী,৩০ এপ্রিলঃ পেট্র’ল – ডিজেল , শাক – পাচলি , ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বজাৰত জুই লগাই থকাৰ সময়তে এইবাৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰি তুলিছে ।প্রতিদিনেই নিত‌্য ব্যৱহাৰ্য্য সামগ্ৰীৰ মূল্য বৃদ্ধি পাবলৈ লৈছে। যাৰ পৰিপ্রেক্ষিতত চিন্তিত হৈ পৰিছে সাধাৰণ ৰাইজ । শেহতীয়াকৈ, ৰাজ্যত এতিয়া খোৱা তেলৰপৰা চাউল , বিস্কুট , গা – ধোৱা চাবোনলৈকে সকলো সামগ্ৰীৰে জুই চাই দাম । বিশেষকৈ খোৱা তেলৰ বৰ্ধিত দামে এতিয়া সমস্যাত পেলোৱা পৰিলক্ষিত হৈছে মধ্যবিত্ত শ্রেণীৰ লগতে নিম্ন শ্রেণীক ।
শেহতীয়া তথ্য অনুসৰি , ব্রেণ্ডৰ খোৱাতেলৰ ভিতৰত ধাৰা মিঠাতেল প্রতি লিটাৰত ১৮০ টকা , নিভাঁজ ১৮০ টকা , ধাৰা ছানফ্লাৱাৰ তেল ১৮৫ টকা , ছাফোলা গল্ড ২৩০ টকা , ফৰচুন ৰিফাইন ১৮০ – ১৮৫ টকা , ৰুচি গল্ড পাল্ম তেল ১৫৮ , গকুল তেল ১৭০ টকাকৈ বজাৰত বৃদ্ধি পাইছে ।মুঠতে , এতিয়া ১০ ৰ পৰা সৰ্বাধিক ৪০ টকালৈকে দাম বৃদ্ধি পাইছে । তদুপৰি, কেৱল মিঠাতেল বা ৰিফাইন তেলতেই সীমাবদ্ধ নহয় , কে আৰ টিকে ধৰি বিভিন্ন ব্রেণ্ডৰ চাউলৰ দাম প্রতি কিলো ৫০ – ৭০ টকালৈ বাঢ়িছে ।সমান্তৰালকৈ বাঢ়িছে বিস্কুট আৰু গা – ধোৱা চাবোনৰ দামো । ব্যৱসায়ীসকলে জনোৱা মতে , সকলো বিস্কুটৰ সৰুৰ পৰা ডাঙৰ পেকেটত পাঁচ টকাকৈ বৰ্তমান বঢ়োৱা হৈছে । লগতে গা – ধোৱা চাবোনৰ ক্ষেত্রতো পূৰ্বতকৈ পৰিমাণে কমোৱা হৈছে আৰু নূন্যতম পাঁচ টকাও বঢ়োৱা হৈছে । ঠিক একেদৰে বাঢ়িছে শিশু খাদ্যৰ দামো । এনেদৰে প্রতিদিনে এটাৰ পাছত আনটো সামগ্ৰীৰ আকাশচুম্বী মূ্ল্যবৃদ্ধিয়ে একপ্রকাৰ হাহাঁকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে সাধাৰণ জনতাৰ মাজত । বিশেষভাৱে চিন্তিত হৈ পৰিছে মধ্যবিত্ত শ্রেণীটো । এনে পৰিপ্রেক্ষিতত ৰাইজ এতিয়া নিৰুপায় , চৰকাৰো নিৰ্বিকাৰ ।

Leave a Reply

Your email address will not be published. Required fields are marked *