দুগ্ধ উৎপাদনত বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ স্থান দখল ভাৰতৰ

Share

গুৱাহাটী, ২০ এপ্ৰিল: বিশ্বৰ ভিতৰতে দুগ্ধ উৎপাদনত প্ৰথম স্থানত থকা দেশ হৈছে ভাৰত । গুজৰাটৰ বানাছকান্ঠা জিলাৰ ডিয়’দাৰত প্ৰধানমন্ত্ৰী মোদীয়ে আজি এই মন্তব্য প্ৰকাশ কৰে। বানাছ ডায়েৰীৰ অন্তৰ্গত এক নতুন দুগ্ধ প্ৰকল্প তথা প’টেটো প্ৰচেছিং প্লেন্ট উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এনেদৰেও কয় যে, দেশৰ কোটি কোটি খেতিয়কে এতিয়া নিৰ্ভৰ কৰিবলগীয়া হৈছে দুগ্ধ উৎপাদনৰ ওপৰত । বছৰি ভাৰতে ৮.৫ লাখ কোটি টকাৰ দুগ্ধ উৎপাদন কৰি অহা বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

উল্লেখনীয় যে, দুদিনীয়া ভ্ৰমণসূচীৰে আজি গৃহৰাজ্য গুজৰাটত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী গৰাকী । প্ৰধানমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰা অনুসৰি ঘেহু আৰু ধানতকৈও দুগ্ধ উৎপাদনত ভাৰতে অধিক উন্নত ফল দেখুৱাবলৈ সক্ষম হৈছে আৰু দুগ্ধ প্ৰকল্পৰ ভিতৰতে দুগ্ধ  উৎপাদনৰ ক্ষেত্ৰত সৰ্বাধিক দুগ্ধ উৎপাদন কৰি বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ স্থান দখল কৰিবলৈ সক্ষম হৈছে ভাৰতবৰ্ষই ।

Leave a Reply

Your email address will not be published. Required fields are marked *