বিবেক ভোটত’ জয়লাভ কৰিলে পৱিত্ৰ আৰু ৰণগৌৰাই

Share
গুৱাহাটী, ১এপ্ৰিলঃ প্ৰত্যাশিতভাবেই ৰাজ্যসভাৰ বিজেপি আৰু মিত্ৰজোঁটে। মুখ্যমন্ত্ৰীকে ধৰি বিজেপি আৰু মিত্ৰজোঁটে দাবী কৰি অহাৰ দৰে কংগ্ৰেছৰ একাংশ বিধায়ক সমৰ্থন আৰু সহযোগিতাত ‘বিবেক ভোটত’ ৰাজ্যসভালৈ নিৰ্বাচিত হ’ল বিজেপিৰ পৱিত্ৰ মাৰ্ঘেৰিটা আৰু ইউ পি পি এলৰ ৰণগৌৰা নাৰ্জাৰী। বৃহস্পতিবাৰে নিশা ভোট গণনা অন্তত পৱিত্ৰ মাৰ্ঘেৰিটা ৪৬ টা ভোট লাভ কৰিছে। এইদৰে ৰণগৌৰা নাৰ্জাৰী ৪৪ টা ভোট লাভ কৰি বিজয়ী হয়। ইয়াৰ বিপৰীতে উমৈহতীয়া প্ৰাৰ্থী কংগ্ৰেছৰ ৰিপুণ বৰাই ৩৫ টা ভোটহে লাভ কৰিবলৈ সক্ষম হয়। নিৰ্বাচনত ১ টা ভোট বাতিল হয়। বাতিল হোৱা ভোটটো কংগ্ৰেছৰ ছিদ্দিক আহমেদ বুলি জানিব পৰা গৈছে। বিধানসভাত বিৰোধী শক্তি অনুসৰি ৰিপুণ বৰাৰ পক্ষত ৪৩ টা ভোট আছিল। সেই অনুসৰি ৰিপুণ বৰাৰ জয় নিশ্চিত আছিল যদিও ক্ৰছ ভোটিং বাবে ৰিপুণ বৰাই ৩৫ টা ভোটহে লাভ কৰিবলৈ সক্ষম হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *