কামৰূপ মহানগৰত যাতায়তৰ সমস্যা চিটি বাছত ভ্ৰমণ কৰা সকলো যাত্ৰীয়ে বিগত কিছু বছৰ ধৰি বহুতো সমস্যাৰ সন্মুখীন হবলগা হোৱা পৰিলক্ষিত হৈছিল । সেই সকলো সমস্যা সমাধান তথা কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাছ আস্থান নিৰ্ণয় কৰাৰ উদ্দেশ্য আজি জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয় আৰু এই সভাত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে মহানগৰ উৰণ সেতু সমূহত বাছ ৰখোৱাটো বন্ধ কৰিবলৈ কঠোৰ ব্যৱস্থা লবলৈ গুৱাহাটী ট্ৰেফিক আৰক্ষীক নিৰ্দেশ দিয়ে। লগতে মহানগৰীৰ জালুকবাৰী, আদাবাৰি, মালিগাওঁ, ভৰলু, পল্টন বজাৰ, পানবজাৰ, চান্দমাৰী, উলুবাৰী, গণেশগুৰি আদি অঞ্চলত ৬০ টা বাছ আস্থানত অতি সোনকালে স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰ নিগম, পৰিবহণ বিভাগ আৰু লোকনিৰ্মাণ বিভাগক যুটীয়া ভাৱে ব্যৱস্থা লবলৈ উপায়ুক্ত বিপুল কুমাৰ দাসে নিৰ্দেশ দিয়ে । সভাত গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত এছ বৰুৱা, যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত দেৱাশিক বৰা আদিৰ উপৰি সংশ্লিষ্ট সকলো বিভাগৰে বিষয়াবৰ্গ উপস্থিত থাকে ।