বৰ্খাস্ত হ’ল নন্দিতা কোঁৱৰ 

Share
গুৱাহাটী ,৮ ফেব্রুৱাৰীঃ সোমবাৰে, অসম চৰকাৰে   চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে অসম অসামৰিক সেৱা   বিষয়া নন্দিতা কোঁৱৰক । বিহাৰ আৰু ত্রিপুৰাৰ প্রাক্তন ৰাজ্যপাল দেবানন্দ কোঁৱৰৰ নন্দিতা কোঁৱৰ । প্রয়াত তৰুণ গগৈৰ নেতৃত্বৰ প্রথমটো কালছোৱাৰ কাৰ্য্যকালত  দেবানন্দ কোঁৱৰ আছিল বিত্ত মন্ত্রী ।
কামৰূপ (মেট্র’)জিলা গ্ৰাম্য উন্নয়ণ সংস্থাৰ প্রকল্প সঞ্চালক হিচাপে কৰ্মৰত সময়তে এটা পথ নিৰ্মাণৰ কামৰ বাবে এজন ঠিকাদাৰৰ পৰা ২০,০০০ টকা উৎকোচ লোৱাৰ অভিযোগত ২০১৭ চনৰ ১৬ মাৰ্চৰ দিনা হাতে – লোটে গ্ৰেপ্তাৰ হৈছিল নন্দিতা কোঁৱৰ ।
নন্দিতা কোঁৱৰক দুৰ্নীতি নিবাৰক  আইন (পিচি) ১৯৮৮ ৰ ধাৰা ৭,১৩ (১) ৯ডি) আৰু ১৩ (২ ) ৰ অধীনত গ্ৰপ্তাৰ কৰি বিশেষ আদালতত হাজিৰ কৰোৱাৰ পাছতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা কৰা হৈছিল নন্দিতা কোঁৱৰক ।উৎকোচ কাণ্ডৰ অভিযোগত দোষীৰূপে চিনাক্ত হোৱাৰ পাছতে ৰাজ্য চৰকাৰে বৰ্খাস্ত কৰিলে নন্দিতা কোঁৱৰক ।

Leave a Reply

Your email address will not be published. Required fields are marked *