মণিপুৰৰ থৌবাল জিলাত ভয়ংকৰ বিস্ফোৰণ 

Share
গুৱাহাটী, ৬ জানুৱাৰীঃ  বুধবাৰে মণিপুৰৰ থৌবাল জিলাৰ অন্তৰ্গত লিলং উছাইপোকপি সংগোমচাং অঞ্চলত সন্দেহ অনুযায়ী ইম্প্ৰুভাইজড এক্সপ্লোসিভ ডিভাইচ (আই ই ডি) বিস্ফোৰণ হয়  । সেই সময়ত তাত উপস্থিত থকা বিষয়াসকলে জনোৱা মতে, অসম ৰাইফলছৰ ১৬ বেটেলিয়নৰ সৈন্যই ৰাজ্যখনৰ দক্ষিণ অঞ্চলৰ এটা পাহাৰীয়া অঞ্চলত টহল দি থকা অৱস্থাত আৰু কেইজনমান অৰ্ধসামৰিক সৈন্যপানী যোগান পাম্পৰ ওচৰত জিৰণি লৈ থকা সময়ত বিস্ফোৰণটো সংঘটিত হৈছিল । দুৰ্ভাগ্যজনক ভাৱে সেই বিস্ফোৰণটোত অৰুণাচল প্ৰদেশৰ বাসিন্দা এল ৱাংচু নামৰ জোৱান এজন নিহত হয় আৰু ত্ৰিপুৰাৰ বাসিন্দা পিংকু দাস নামৰ এজন সৈনিক আহত হয়  । আহত সৈনিকগৰাকীক তৎকালীনভাৱে ওচৰৰ এখন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হয়  ।
 দুৰ্ঘটনাটো ঘটাৰ পিছতেই নিৰাপত্তাৰক্ষীসকলে ঘটনাৰ উৎস সম্পর্কে অনুসন্ধান কৰিবলৈ গৈছিল যদিও বৰ্তমানলৈকে কাকো অভিযুক্ত হিচাপে আটক কৰিবলৈ সক্ষম হোৱা নাই  ।

Leave a Reply

Your email address will not be published. Required fields are marked *