পঞ্চভূতত বিলীন হ’ল বীৰ শ্বহীদ জোৱান 

Share
বৰ্ণালী দাস,১৬ নবেম্বৰঃ মণিপুৰত সন্ত্রাসবাদীৰ এম্বুচত আচাম ৰাইফলছৰ বীৰ জোৱান সুমন স্বৰ্গিয়াৰী শ্বহীদ হোৱাৰ পিছতে শ্বহীদ গৰাকীৰ বাক্সা জিলাৰ বৰমা আৰক্ষী থানাৰ অন্তৰ্গত থৈকাৰাকুছি কাহিবাৰী চুবুৰীত এতিয়াও বিৰাজ কৰি আছে শোকাকুল পৰিৱেশ ।
উল্লেখ্য যে ,উগ্ৰপন্থীৰ আক্রমণত শনিবাৰ, ১৩ নৱেম্বৰ তাৰিখে মণিপুৰৰ ভাৰত – ম্যানমাৰৰ সীমান্তবৰ্তী চুৰাচান্দপুৰ জিলাত অসম ৰাইফলছৰ কনভয়ৰ এম্বুচত কেইবাগৰাকীও জোৱান নিহত হৈছিল ।
 ৪৬ অসম ৰাইফলছৰ কমাণ্ডিং অফিচাৰ বিপ্লৱ ত্রিপাঠীসহ তেখেতৰ পত্নী আৰু পুত্র লগতে অসম ৰাইফলছৰ অন্য তিনিগৰাকী সেনাসহ নিহত হৈছিল অসমৰ বাক্সা জিলাৰ সুমন স্বৰ্গিয়াৰী ।
  যোৱাকালি শ্বহীদ সুমন স্বৰ্গিয়াৰীৰ নশ্বৰ দেহ নিজ বাসগৃহত আহি পোৱাৰ পিছত ‘ভাৰত মাতা কি জয় ‘  ধব্বনি দিয়ে অজশ্রজনে ।
জিলা প্রশাসনৰ লগতে চৰকাৰৰ ফালৰ পৰা স্বাস্থ্য  মন্ত্রী কেশৱ মহন্ত ,ইউ জি ব্রক্ষৰ লগতে সেনা বাহিনীৰ শীৰ্ষ বিষয়াই শ্রদ্ধাঞ্জলি জনাই আৰু লগতে শ্বহীদ পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *