প্ৰশাসনৰ পুনৰ উচ্ছেদ অভিযান

Share

অংকিতা উপাধ্যায়, ৮ নবেম্বৰ : গৰুখুটি, বেদখলকাৰীৰ পিছত  এইবাৰ পুনৰ লামডিং বনাঞ্চলত উচ্ছেদ অভিযান চলাইছে প্ৰশাসনে। ভেটনালা আৰু কমৰপানীৰ বেদখল স্থলিত  প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান। বেদখলকাৰীয়ে দখল কৰা প্ৰায় ৫০০ হেক্টৰ ভূমিত বেদখলমুক্ত কৰিবৰ বাবে প্ৰশাসনে আজিৰে পৰা আৰম্ভ কৰিছে উচ্ছেদ অভিযান। জানিব পৰা মতে একাংশ বেদখলকাৰী সেই স্থানৰ পৰা পলায়ন কৰিছে।

প্ৰশাসনে উচ্ছেদ  অভিযান চলাবৰ বাবে বনাঞ্চলত আাৰক্ষীৰ  বিশাল বাহিনী নিয়োজিত কৰা হৈছে। এই  অভিযান প্ৰায় দুদিন ধৰি চলিব বুলি কৈছে আৰু লগতে কয় যে এই উচ্ছেদ অভিযান বৰ্তমান শান্তিপূৰ্ণভাৱে চলি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *