ইউনুছ আলী ২৯ অক্টোবৰঃ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ পুনৰ অসুস্থ । নিশাই জুবিনক ভৰ্তি কৰোৱা হৈছে আয়ুৰচুন্দ্ৰা হাস্পতালত। উচ্চ ৰক্তচাপ জনিত সমস্যাত আক্ৰান্ত জনপ্ৰিয় শিল্পীগৰাকী। বৃহস্পতিবাৰে নিশা ১০.৪৫ বজাত জুবিনক ভৰ্তি কৰোৱা হয় হাস্পতালত।
অৱশ্যে বৰ্তমান শিল্পীগৰাকীৰ স্বাস্থ্য সুস্থিৰ। চিকিৎসকে জিৰণিৰ পৰামৰ্শ দিছে জুবিনক। জুবিন গাৰ্গৰ লগত আছে পত্নি গৰিমা শইকীয়া গাৰ্গ, আন পৰিয়ালৰ লোক আৰু কেইবাজনো বন্ধু আৰু অনুৰাগী।