বন্দনা হাজৰিকা,৮ অক্টোবৰঃএইবাৰৰ সাহিত্যৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰাজাক গুৰনাহলৈ।ছুইডেনৰ ষ্টকহোমৰ ছুইডিছ একাডেমীয়ে আজি আনুষ্ঠানিকভাৱে আব্দুলৰাজাক গুৰনাহৰ নাম ঘোষণা কৰে।ঔপনিৱেশিকতাবাদৰ প্ৰভাৱ আৰু সংস্কৃতি আৰু শৰনাৰ্থীসকলৰ ভাগ্যক লৈ সহানুভূতিশীল ৰচনাৰাজিৰ বাবেই তেওঁক এই বঁটা প্ৰদান কৰা হৈছে।