ৰামায়ণ ধাৰাবাহিকত ৰাৱণৰ  চৰিত্ৰ ৰূপায়ণ কৰা জনপ্ৰিয় অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান

Share

৬অক্টোবৰ, সুভাশ্ৰী বাৰিকঃ বৰ্ষীয়ান অভিনেতা অৰবিন্দ ত্ৰিবেদীৰ দেহাৱসান।টেলিভিছনত ৰামানন্দ সাগৰৰ জনপ্ৰিয় ধাৰাবাহিক ৰামায়ণত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰিছিল তেওঁ।মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।

৮৬বছৰ বয়সত সকলোৰে পৰা বিদায় মাগিলে অভিনেতা গৰাকীয়ে,কিছু দিন ধৰি অসুস্থ হৈ আছিল অভিনেতা গৰাকী। ৪০বছৰীয়া অভিনয় জীৱনত তেওঁ প্ৰায় ৩০০ খন হিন্দী আৰু গুজৰাটী ছবিত কাম কৰিছে।ৰামায়ণত ৰাৱণৰ চৰিত্ৰ ত অভিনয় কৰাৰ লগতে বিক্ৰম ঔৰ বেতাল তো অভিনয় কৰিছিল তেওঁ।

১৯৯১চনৰ পৰা ১৯৯৬চনলৈ তেওঁগুজৰাটৰ সবৰ কথা সমষ্টিৰ সাংসদ আছিল।ইয়াৰ উপৰিও চেঞ্চৰ বৰ্ড ফৰ ফ্লিম চাৰ্টিফিকেচন ৰ এক্টিং চেয়াৰমেন পদত আছিল তেওঁ।এতিয়া তেখেতৰ বিদায়ত সমগ্ৰ ভাৰততে শোকৰ ছাঁ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *