আমচাং এতিয়া সন্দেহজনক লোকৰ বসতি

Share
লোনা সন্দিকৈ,৫ অক্টোৱৰঃ  পানীখাইটি শাখা ছাত্ৰ সন্থাৰ অভিযোগৰ ভিত্তিত ২ অক্টোবৰত আমচাং অভয়াৰণ্য পৰিদৰ্শন  কৰে বনাঞ্চলিক বিষয়াই।সহকাৰী বনাঞ্চলিক বিষয়া ৰমেশ দুৱৰাৰ নেতৃত্বত বন বিভাগৰ দলটোৱে পানীখাইটি ৰেল ষ্টেচন সমীপতে অভয়াৰণ্য ভূমি বেদখলৰে গঢ়ি উঠা জোনাকী নগৰ অঞ্চল পৰিদৰ্শন কৰে।উল্লেখযোগ্য যে অভয়াৰণ্যখন পৰিদৰ্শন কৰি বন বিভাগৰ লোকে নিশ্চিত কৰে যে বহু পৰিয়ালে অভয়াৰণ্যৰ ভূমি বেদখল কৰি অবৈধভাৱে স্থায়ী গৃহ নিৰ্মাণ কৰি বাস কৰি আছে।লগতে বেদখল কৰা লোক সকলক অতি শীঘ্ৰে সেই স্থান ত্যাগ কৰাৰ দিয়ে।এই সন্দৰ্ভত সহকাৰী বনাঞ্চলিক বিষয়া ৰমেশ দুৱৰাই জনোৱামতে অতি কম দিনৰ ভিতৰতে কেন্দ্ৰীয় জৰীপ বিভাগে অভয়াৰণ্যখনত জৰীপ চলাব আৰু এই জৰীপকাৰ্য সম্পন্ন হোৱাৰ পিছতে বিভাগীয়ভাৱে বেদখলকাৰীৰ ওপৰত ব্যবস্থা গ্ৰহণ কৰা হব বুলি তেওঁ কয়।

Leave a Reply

Your email address will not be published. Required fields are marked *