সুপ্রিয়া তৰফদাৰ
গুৱাহাটী, ১ অক্টোবৰঃ মহানগৰীত বহুদিন ধৰি গ্ৰাহকসকলক সেৱা আগবঢ়াই অহা কেব সেৱা অ’লা -উবেৰৰ বিৰুদ্ধে কিছুমান অভিযোগ তুলি দুটা সংগঠনৰ কিছুসংখ্যক চালকে বৰ্জন কৰিছে যদিও গুৱাহাটী মহানগৰীত পূৰ্বৰ দৰেই চলিব অ’লা উবেৰ। অল আছাম কেব অপাৰেৰ্টছ ইউনিয়নৰ সভাপতি ইছমাইল আলীয়ে এক বিবৃতিৰ জৰিয়তে এই কথা জনায় সংগঠনটোৰ স্থিতি স্পষ্ট কৰি দিয়ে। আৰু লগতে তেওঁ কয় যে অ’লা -উবেৰৰ বিৰুদ্ধে চালকসকলক শোষণৰ অভিযোগ তুলি দুটা সংগঠনে অ’লা-উবেৰ বৰ্জন কৰিব বিচাৰিছে যদিও ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই।