মাধুৰীমা ৰায়
বঙাইগাঁও, ৩০ ছেপ্টেম্বৰ: বঙাইগাঁৱৰ আৱৰ্ত ভৱনত পৰিষদৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (কে এচি) ৰ বৈঠকত কেইবাটাও প্ৰস্তাৱ গ্রহণ কৰা হয়। মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই কোঁচ ৰাজবংশীসকলৰ জাতীয় সংগ্রামত শ্বহীদৰ পৰিয়ালক পাঁচ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিম বুলি গ্রহণ কৰা সিদ্ধান্তক পৰিষদে আদৰণি জনোৱাৰ লগতে অহা মাহত বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক কেবিনেট বৈঠকত সাহায্যৰ ধন প্ৰদানৰ সিদ্ধান্তকো আদৰণি জনায়।
তাৰোপৰি শেহতীয়াভাৱে অসম চৰকাৰে গ্রহণ কৰা এক লাখ নিযুক্তিৰ ভিতৰত উপযুক্ত দহ হাজাৰ কোঁচ ৰাজবংশী যুৱক-যুৱতীক নিযুক্তি দিয়াৰ লগতে পৰৱৰ্তী সময়ত পৰিষদৰ তৰফৰ পৰা শ্বহীদ পৰিয়ালৰ উপযুক্ত ব্যক্তিকো চাকৰিত মকৰল কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। ইয়াৰ উপৰিও আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত এই বৈঠকত আলোচনা কৰা হয়। উল্লেখ্য যে এই বৈঠকত পৰিষদৰ মুখ্য কাৰ্যবাহী গোকুল বৰ্মনসহ বাৰ গৰাকী কাৰ্যবাহী পৰিষদ উপস্থিত থাকে।