ছাদ্দাম হুছেইন, ২২ চেপ্তেম্বৰঃ অসম চৰকাৰ তথা প্ৰশাসনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা মাটিৰ দালালক কৰায়ত্ত কৰাকলৈ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে নিজৰ মন্তব্য প্ৰকাশ কৰে।
যিকোনো চৰকাৰী কাৰ্যালয় দালাল মুক্ত হোৱা এইয়া অতি প্ৰশংসনীয় পদক্ষেপ। কিন্তু বৰ্তমান ৰাজ্য চৰকাৰে মাটিৰ দালাল কৰায়ত্ত কৰাকলৈ এক নাটক হে কৰি আছে। সৰু সৰু মাটিৰ দালালক কৰায়ত্ত কৰি চৰকাৰে ৰাজ্যবাসীক উন্নয়নৰ মুল উদ্দেশ্যৰ পৰা আতৰাই ৰাখিব বিচাৰিছে, বুলি মন্তব্য আগবঢ়ায় বিধায়ক অখিল গগৈয়ে।
লগতে বিধায়ক গৰাকীয়ে কয় যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুতো ডাঙৰ ডাঙৰ ভু-মাফিয়া আছে আগতে সেইবোৰক কৰায়ত্ত কৰাৰ ব্যৱস্থা কৰক।
ভৱানীপুৰৰ প্ৰাক্তন AIUDF বিধায়ক তথা বৰ্তমানৰ বিজেপি নেতা ফনীধৰ তালুকদাৰ এসময়ৰ প্ৰখ্যাত ভু-মাফিয়া, কিন্তু বৰ্তমান শাসকীয় বিজেপি দলত যোগদান কৰা বাবে প্ৰশাসনে নেতা গৰাকীক কৰায়ত্ত নকৰে নেকি বুলি মন্তব্য আগবঢ়ায় অখিল গগৈয়ে।