সুস্মিতা বৰা বোকাখাত,২০ ছেপ্টেম্বৰ: ২২ ছেপ্টেম্বৰত জ্বলিব ২৪৭৯ টা গড়ৰ খৰ্গ বোকাখাত ষ্টেডিয়ামত, খৰ্গ দাহন কাৰ্য্যসূচী ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকিব। আফ্ৰিকাৰ পাছত ভাৰতবৰ্ষত প্ৰথম বাৰৰ বাবে জ্বলোৱা হ’ব গড়ৰ খৰ্গ, বিশ্বৰ ঐতিহ্যক্ষেএ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যানত মৃত্যু হোৱা আৰু চোৰাং চিকাৰীয়ে হত্যা কৰাৰ পাছত গড় সমূহৰ খৰ্গ সমূহ জমা ৰখা হৈছিল তাৰে মুঠ ২৬২৩ টা গড়ৰ খৰ্গ বিশেষজ্ঞ সমিতি ।
বন বিভাগে পৰীক্ষা কৰাৰ অন্তত ইয়াৰে ২৪৭৯ খৰ্গ ২২ ছেপ্টেম্বৰত বোকাখাত ৰাজহুৱা খেলপথাৰ ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত জ্বলাই পেলোৱা হ’ব। ইয়াৰে ৯৪ টা খৰ্গ সংৰক্ষন কৰি ৰাখিব আৰু ৫০ টা খৰ্গ ৰ বিৰুদ্ধে বৰ্তমানেও আদালতত গোচৰ চলি আছে।