ভুল চিকিৎসাৰ বলি হৈ ৰোগীৰ মৃত্যুৰ অভিযোগত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় এপল’ হাস্পাতালত

Share

 প্ৰতিবেদন: মাধুৰীমা ৰায়  গুৱাহাটী,২০ চেপ্তেম্বৰ:-গুৱাহাটী মহানগৰীৰ এপল’ হাস্পতালত ভুল চিকিৎসাৰ বলি হৈ ৰোগীৰ মৃত্যু হোৱাৰ অভিযোগত দেওবাৰে নিশা তীব্র উত্তেজনাৰ সৃষ্টি হয়। চিকিৎসকৰ ভুল চিকিৎসাৰ বাবে মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হোৱা ভুক্তভোগী ব্যক্তিগৰাকীৰ নাম বিৰ্মানী পানবজাৰৰ ৱেষ্টাৰ্ণ বুক ডিপোৰ স্বত্বাধিকাৰী ৰমেশ কুমাৰ বিৰ্মানী বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ৰমেশ কুমাৰ বিৰ্মানীয়ে পাইলছ ৰোগত আক্রান্ত আছিল আৰু তেওঁক চিকিৎসা কৰিছিল হাস্পতালখনৰ চিকিৎসক ডাঃ ৰিতুপৰ্ণ বৰুৱাই। চিকিৎসাধীন হৈ থকা সময়তে বিৰ্মানীৰ পৰিয়ালৰ লোকে ভুল চিকিৎসা কৰাৰ অভিযোগ তোলে ডাঃ ৰিতুপৰ্ণ বৰুৱাৰ বিৰুদ্ধে।

তাৰোপৰি হাস্পাতাল কৰ্তৃপক্ষই অত্যাধিক ধন সংগ্রহ কৰাৰো অভিযোগ পৰিয়ালৰ লোকৰ। পৰৱৰ্তী সময়ত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে।  

Leave a Reply

Your email address will not be published. Required fields are marked *