ছাদ্দাম হুছেইন, ১৩ চেপ্তেম্বৰঃ দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এক বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। মাজুলী ফেৰী দুৰ্ঘটনাৰ পাছতে ৰাজ্যৰ IWT বিভাগৰ কাম-কাজ সন্দৰ্ভত এই বৈঠক অনুষ্ঠিত কৰা হয়।
IWT বিভাগটোক বিশেষ গতি দিবলৈ সক্ষম নোহোৱা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক লগত লৈ দেওবাৰে পৰ্যালোচনা বৈঠকত বহিল মুখ্যমন্ত্রী গৰাকী। এই বৈঠকৰ পাছত নিমাতীঘাট-মাজুলীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি থকা ফেৰী সমুহৰ চলাচলৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰে।
১। একক ইঞ্জিনৰ ফেৰীসেৱা বাতিল। দুখন ৰ’পেক্স সহ চৰকাৰী ছয়খন ফেৰী মাজুলী-যোৰহাট সংযোগী হৈ চলাচল কৰিব।
২। ১৯খন ব্যক্তিগত খন্ডৰ ফেৰীত মেৰীণ ইন্জিন আৰু উন্নতসেৱা সংযোজন কৰি ছয়মাহৰ ভিতৰত মাজুলী-যোৰহাট সংযোগী সেৱাত চলাচল কৰাৰ ব্যবস্থা কৰা হব।
৩। ফেৰীত সকলো যাত্ৰীয়ে লাইফ জেকেট পিন্ধাটো বাধ্যতামূলক।
৪। ফেৰীত উঠা সকলো যাত্ৰীক টিকট দিয়া আৰু যাত্ৰীৰ নাম-ঠিকনা, যোগাযোগ নম্বৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক।
৫। ফেৰী ঘাটসমুহত সঘনাই মাজুলী-যোৰহাট জিলা উপায়ুক্তই পৰিদৰ্শন কৰিব। জল পৰিবহণ বিভাগৰ শীর্ষ বিষয়া সকলেও সঘনাই ঘাটসমুহত যাব লাগিব।
৬। IWT য়ে ফেৰী সমুহ চলাচলৰ বাবে ব্যৱহাৰযোগ্য বুলি প্ৰমাণপত্ৰ দিয়াৰ পাছত পঞ্জীয়নভুক্ত হৈ ঘাটসমুহত চলিব পাৰিব।
৭। ফেৰীচালক, পৰিচালক আৰু ঘাটসমুহত থকা নিয়ন্ত্রকৰ মাজত উপযুক্ত নেটওয়ার্কৰ দ্বাৰা যোগাযোগ ৰক্ষা কৰিব লাগিব। চৰকাৰে ঘাটৰ তত্বাবধায়কক SIM যোগান ধৰিব।
৮। মাজুলীত এটা SDRF ৰ দলে কেম্প কৰি থাকিব।
৯। ফেৰী সমুহত অভাৰলোড কোনোপধ্যেই কৰিব নোৱাৰিব। ফেৰীৰ যাত্রা আৰম্ভ হোৱাৰ পূৰ্বে IWT ৰ অনুমতি বাধ্যতামূলক।
১০। ‘জীবন দিঙা’ আচঁনিৰ অধীনত ৰাজ্যৰ ৮৫০খন ব্যক্তিগত নাৱত মেৰীণ ইন্জিন সংযোগ বিনামুলীয়াকৈ চৰকাৰে কৰি দিব।
১১। প্ৰতিটো ফেৰী ঘাটত স্বাস্থ্য কেম্প স্থাপন কৰা হব।