বন্দনা হাজৰিকা, ১৩ চেপ্তেম্বৰঃ নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছতেই যাতায়তৰ বাবে জীয়াতু ভুগীবলগীয়া হৈছে মাজুলীবাসীয়ে।।বিভিন্ন কাৰণত যোৰহাট তথা গুৱাহাটীলৈ আহিবলগীয়া লোকসকলে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে।নিমাতীঘাটৰ দুৰ্ঘটনাৰ পিছত ৰাজ্য চৰকাৰে এক ইঞ্জিনযুক্ত নাৱৰ চলাচল সম্পূৰ্ণ বন্ধ কৰা পিছত এতিয়া যাতায়তৰ বাবে যাত্ৰীসকলে হাৰাশাস্তিৰ সন্মুখীন হৈছে।এখন ৰ’পেক্সত এবাৰত মাত্ৰ ২০০ যাত্ৰীহে যাব পাৰে ইয়াৰ ফলত টিকটৰ বাবে দীঘলীয়া শাৰী পাতিও বহু লোকে টিকট নাপাই নিৰাশ হ’বলগীয়া হৈছে।দৈনিক শ শ যাত্ৰী এই ঘাটটোৰে অহা-যোৱা কৰে।কিন্ত মাত্ৰ দুখন ফেৰীৰে এই লোকসকলে অহা-যোৱা কৰিবলগীয়া হোৱা বাবে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগীবলগীয়া হৈছে।
তদুপৰি বাছৰ চলাচলো মাজুলীত পৰ্যাপ্ত নহয়।দৈনিক মাত্ৰ এখন বাছ মাজুলীৰ পৰা গুৱাহাটীলৈ চলাচল কৰে যাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে যাত্ৰী।মাজুলীবাসীয়ে দাবী জনাইছে যে অসম ৰা্জ্যিক পৰিৱহন বিভাগে অতি সোনকালে পৰ্যাপ্ত বাছৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।