গৌতম জ্যোতি তালুকদাৰ
ওদালগুৰি১১ ছেপ্টেম্বৰঃ ওদালগুলি জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত ওদালগুৰি জিলা ন্যায়িক আদালত চৌহদত আজি ১১ ছেপ্টেম্বৰত এখনি ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হৈ যায়। সআজি অনুষ্ঠিত এই লোক আদালতত উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়ধীশ অজিত বৰঠাকুৰে পৰিদৰ্শন কৰি পৰ্যালোচনা কৰে আৰু ওদালগুৰি উকীল সন্থাৰ এটি নৱ নিৰ্মিত পুথিভড়াল উদ্বোধন কৰে।।
ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকাৰী,ওদালগুৰিৰ সচিব অজয় কুমাৰ বসুমতাৰীয়ৈ কয়- আজি অনুষ্ঠিত এই ৰাষ্ট্ৰীয় লোক আদালতত ফৌজদাৰী(মীমাংসাৰ যোগ্য),মটৰ দূৰ্ঘটনা,বেংকৰ ঋণ,চেক বাউন্স,বিদ্যুৎ বিল অনাদায়,পাৰিবাৰিক সম্পৰ্কীয় বিভিন্ন গোচৰ সমূহ আপোচ অথবা মীমাংসাৰ জৰিয়তে সহজে নিস্পত্তিৰ ব্যৱস্থা কৰা হ’য় আৰু জিলাখনত নিষ্পতি নোহোৱাকৈ থকা বিভিন্ন বিভাগৰ৪৮০ টা গোচৰ নিষ্পতি কৰা হয় ।ইয়াৰ বিপৰীতে বেংক,বিদ্যুৎ,বিএচ এন এলৰ মুঠ গোচৰ ৩৬৩টা আৰু ধন সংগ্ৰহ হয় ৮৬,০৭৮,৫৯৬টকা।মটৰ দূৰ্ঘটনাৰ ৮৫টা গোচৰৰ বিপৰীতে ধন সংগ্ৰহ হয় ৮০,১০০টকা। ১৬ টা এম এ চি টি মোকৰ্দমাৰ বিপৰীতে ৭৮,০৭১,৩৪৫টকা সংগ্ৰহ হয় আৰু ৫টা চিভিল,৩ এন,আই মোকৰ্দমাৰ বিপৰীতে ৩০,০৮৭০০ হাজাৰ টকা সংগ্ৰহ কৰা হয়।
এই লোক আদালতত ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকাৰীৰ চেয়াৰমেন তথা ওদালগুৰি জিলা ও সত্ৰ ন্যায়ধীশ মহেন্দ্ৰ কলিতা উপস্থিত থাকে।