ত্ৰিপুৰাত চি পি আই (এম) নেতাকৰ্মীৰ ওপৰত কৰা আক্ৰমনৰ প্ৰতিবাদত গুৱাহাটীত বৃহৎ প্ৰতিবাদ

Share
কবিতা দেবী,১১ ছেপ্টেম্বৰঃ ত্ৰিপুৰাত চি পি আই (এম) ৰ নেতাকৰ্মীৰ ওপৰত বৰ্বৰ আক্ৰমন, দলীয় কাৰ্যালয়ত অগ্নি সংযোগ কৰা, নেতাকৰ্মীৰ বাসগৃহত আক্ৰমন কৰাৰ লগতে বহু সংখ্যক নেতাকৰ্মীয়ে বিজেপি দলৰ গুণ্ডা বাহিনীৰ হাতত প্ৰান হেৰুৱাব লগীয়া প্বতিবাদত শুত্ৰুবাৰে চি পি আই (এম) য়ে ৰাজ্যজুৰিত প্ৰতিবাদ দিবস হিচাপে পালন কৰে।
বিগত নিৰ্বাচনৰ পূৰ্বে বিজোপি দলে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ কাৰ্য্যকৰী নকৰাত লজ্জাজনক ব্যৰ্থতা প্ৰৰ্দশন কৰা বিজেপী নেতৃতাধীন ‘বিপ্লৱ দে’ চৰকাৰ খনে জনসাধাৰনৰ পৰা ক্ৰমাগতভাৱে বিচিন্ন হৈ এনে হিংসাত্মক কাৰ্যকলাপত লিপ্ত হোৱা বুলি ত্ৰিপুৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিৰোধী দলৰ নেতা মানিক চৰকাৰে মন্তব্য কৰিছে। পৰতিবাদী সকলে ত্ৰিপুৰাত বিজেপিৰ ৰাজনৈতিক হিংসা নচলিব বুলি বিজেপিৰ ফেচিবাদ আক্ৰমনৰ বিৰূদ্ধে সকলো ৰাইজ এক হওঁক, চি পি আই (এম) ৰ কাৰ্যালয়ত বিজেপিৰ আক্ৰমনৰ বিৰুদ্ধে গৰ্জি উঠক আদি শ্লগান দি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ ত্ৰিপুৰাত প্ৰতিবাদ  কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *