দেওবাৰে দিছপুৰত অনুষ্ঠিত এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সাংসদ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কেইবাটাও গুৰুত্বৰ অভিযোগ উত্থাপন কৰে। মুখ্যমন্ত্ৰীৰ অভিযোগ অনুসৰি আলী তৌকীৰ শ্বেখ নামৰ পাকিস্তানৰ এগৰাকী নাগৰিকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ তাৰ লগতে তেখেতে পাকিস্তানৰ এটা এজেন্সিতো কাম কৰিছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।
পাকিস্তানৰ সামৰিক বাহিনী, আই এছ আইৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা প্ৰভাৱশালী ব্যক্তি আলী তৌকীৰ শ্বেখ ‘লীড পাকিস্তান’ নামৰ সংস্থাৰ মুৰব্বী আৰু তেওঁ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্কৰ এছিয়াৰ মুৰব্বী। মুখ্যমন্ত্ৰীৰ দাবী অনুসৰিঃ ২০১১ চনৰ ১৮ মাৰ্চৰ পৰা ২০১২ চনৰ ১৭ মাৰ্চলৈ পাকিস্তানত কাম কৰিছিল এলিজাবেথ ক’লবাৰ্ণ গগৈয়ে। পাকিস্তানী আলী টোকীৰ শ্বেখৰ ‘লীড পাকিস্তান’ৰ নামৰ সংস্থাত যোগদান কৰিছিল এলিজাবেথে।
মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৫ চনৰ ১৪ ছেপ্টেম্বৰৰ এখন ফটোৱে এই সমগ্ৰ ঘটনা উন্মোচিত কৰিছিল। এই দিনটোত ভাৰতৰ যুৱ প্ৰজন্মৰ এটা প্ৰতিনিধি দলক সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানৰ দূতাবাসলৈ লৈ গৈছিল। মুখ্যমন্ত্ৰীয়ে কয়, ‘মই ছিংগাপুৰত থাকোতে হোৱাইটছএপত এখন ফটো পাইছিলো। মই ভাবিছিলো ফটোখন ভুৱা হ’ব, কিন্তু কংগ্ৰেছৰ নেতাই দাবী কৰিলে সত্যতাৰ। ইয়াৰ পাছেত তদন্ত হ’ল আৰু পোহৰলৈ আহিল আলী টৌকীৰ শ্বেখৰ স’তে সম্পৰ্কৰ।’ তাৰ লগতে তেখেতে উল্লেখ কৰে যে ২০১০ চনৰ পৰা ২০১৩ চনলৈ ১৩ বাৰ ভাৰতলৈ আহিছিল আলী টৌকীৰ শ্বেখ। এই টৌকীৰে সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক লীড পাকিস্তানত চাকৰি দিছিল। পৰৱৰ্তী সময়ত গৌৰৱ গগৈ পাকিস্তানত ১০ দিন আছিল। মুখ্যমন্ত্ৰীয়ে কয় যে ১০ দিন গৌৰৱ গগৈয়ে পাকিস্তানত কি কৰি আছিল ইয়াৰ যথোপযুক্ত উত্তৰ তেখেতে দিয়া উচিত।
গৌৰৱ গগৈয়ে এই সন্দৰ্ভত কয়, ‘‘মই আগতেই কৈছিলোঁ এয়া ফ্লপ হ’ব। এতিয়াতো কওঁ ‘ছুপাৰ ফ্লপ’ হ’ল। ১০ ছেপ্টেম্বৰত যিখিনি কথা ক’বলৈ বিচাৰিছিল, সেই কথাখিনি ক’বলৈ ছমাহ ৰৈ থাকিল কিয়? ছমাহ শুই থাকিল কিয়? ইমানে যদি গুৰুত্বপূৰ্ণ, তেন্তে বিগত ছমাহে কি কৰি আছিল? ছমাহ ফাইলৰ ওপৰত কিয় শুই আছিল? এতিয়া নিৰ্বাচন কাষ চাপিছে বাবে সাৰ পাইছে। মুখ্যমন্ত্ৰীয়ে দেখিছে কংগ্ৰেছৰ ‘সময় পৰিৱৰ্তনৰ যাত্ৰা’ৰ সমৰ্থনত ৰাইজ ৰাজপথলৈ ওলাই আহিছে সেই দেখি মুখ্যমন্ত্ৰীৰ ভয় হৈছে।আপোনালোকে ভাবে ৰাইজে একো বুজি নাপায়। ৰাইজে সকলো জানে, বুজি পায়। তেওঁলোকৰ নাটকখন আজি সম্পূৰ্ণৰূপে বিফল হ’ল। মোক ইমান ডাঙৰ নেতা বনোৱা বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জনাইছোঁ। কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰীৰ মনত চলি থকা অস্থিৰতাবোৰ মুকলি কৰা বাবে ধন্যবাদ জনাইছোঁ।’’
অভিযোগৰ উপৰত অভিযোগ, কিন্তু সেই অভিযোগৰ প্ৰত্যুত্বৰ দিয়াত যেন বিফল হৈছে গৌৰৱ গগৈ। পৰবৰ্তি সময়ত এই বিষয়ে কেনে ৰূপ লয় সেইয়া সময়ত হব লক্ষণীয়।