গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তান সংযোগকলৈ তথ্য প্ৰমাণ সহকাৰে ৰাজহুৱা কৰিলে মুখ্যমন্ত্রীয়ে

Share

বহু বিতৰ্কৰ অন্ত পেলাই অৱশেষত সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰ এলিজাবেথ ক’লবাৰ্ণ গগৈৰ পাকিস্তান সংযোগৰ তথ্য প্ৰমাণ ৰাজহুৱা কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই।৮ফেব্ৰুৱাৰী ২০২৬ অর্থাৎ যোৱাকালিৰ দিনটোত দিছপুৰ লোকসেৱা ভৱনত অনুস্থিত হৈ যায় মুখ্যমন্ত্ৰীৰ বহু প্ৰত্যাশিত সংবাদমেলখন। মুখ্যমন্ত্ৰীৰ এই বিশেষ সংবাদমেলখনলৈ ভাৰতবৰ্ষৰ বিভিন্ন সংবাদগোষ্ঠীৰ সাংবাদিক সকলক আহি ভিৰ কৰা দেখা যায়।

আনহাতে এই বিষয় সন্দৰ্ভত এচ আই টিয়ে পলমকৈ দাখিল কৰা চাৰ্জচিট সম্পৰ্কত মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই সাংবাদিকৰ আগত কয় যে “মুখ্যমন্ত্ৰীগৰাকী ছিংগাপুৰত এখন চামিটত থাকোতে সামাজিক মাধ্যমত এখন ফটো পাইছিল, যিখন ফটোত সাংসদ গৌৰৱ গগৈয়ে ভাৰতৰ যুৱপ্ৰজন্মৰ প্ৰতিনিধি দল এটাক লৈ পাকিস্তান দূতাবাসলৈ গৈছিল।মই ভাবিছিলো  উক্ত ফটোখন ভুৱা; কিন্তু কংগ্ৰেছৰ নেতাই ফটোখনৰ সমৰ্থনত যুক্তি দিয়াত পাছত গম পালো যে ফটোখন মিছা নহয়। তাৰ পাছত বিষয়টো জনাৰ প্ৰক্ৰিয়া আৰম্ভ হ’ল।সেই প্ৰক্ৰিয়াত পোহৰলৈ আহিল পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰে থকা সম্পৰ্কৰ তথ্য”।আনহাতে মুখ্যমন্ত্রীয়ে পুনৰ কয়, যে”অনুসন্ধানত পোৱা যায় যে পাকিস্তানি নাগৰিক আলী তৌকীৰ শ্বেখৰে সাংসদ গৌৰৱ গগৈৰ পৰিবাৰৰ অতি ভাল সম্পৰ্ক আছিল।আলী তৌকীৰ শ্বেখ পাকিস্তানৰ এগৰাকী প্ৰভাৱশালী নাগৰিক ।পাকিস্তানৰ সামৰিক বাহিনী, আই এছ আইৰ সৈতে ঘনিষ্ঠ সম্পর্ক থকা প্ৰভাৱশালী ব্যক্তি আলী তৌকীৰ শ্বেখ ‘লীড পাকিস্তান’ নামৰ সংস্থাৰ মুৰব্বী আৰু তেওঁ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট ন’লেজ নেটৱৰ্ক (চি ডি কে এন)ৰ এছিয়াৰ মুৰব্বী । তেওঁ ইছলামাবাদৰ বাসিন্দা আৰু ভাৰত বিৰোধী স্থিতি গ্ৰহণ কৰি সামাজিক মাধ্যমৰ জৰিয়তে ভাৰত বিৰোধী অপপ্ৰচাৰ আৰু সাম্প্রদায়িক উচতনি দিয়াত জড়িত । তেওঁ পাকিস্তান চৰকাৰৰ পৰিকল্পনা আয়োগৰ উপদেষ্টা আছিল।অনুসন্ধানত ব্ৰিটিছ নাগৰিক এলিজাবেথ ক’লবাৰ্ণ গগৈ আৰু অন্যান্যসকল জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।আনহাতে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক সংবাদমেলৰ পাছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে। ছিপাঝাৰত উপস্থিত থকা একাংশ সাংবাদিকৰ আগত গৌৰৱ গগৈয়ে কয়, ‘‘প্ৰায় আঢ়ৈ ঘণ্টাধৰি মুখ্যমন্ত্ৰীয়ে আজি যথেষ্ট চেষ্টা কৰিলে নিজৰ ফ্লপ চিনেমাখন ৰাইজৰ মাজলৈ লৈ যাবলৈ।কিন্তু সফল নহ’ল।আনকি, তাত থকা সাংবাদিকসকলকে মুখ্যমন্ত্ৰীয়ে আশ্বস্ত কৰিব নোৱাৰিলে বুলি তীব্ৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে।    

Leave a Reply

Your email address will not be published. Required fields are marked *