পূৰ্বৰ পৰাই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপিত হৈ আহিছে।কেতিয়াবা ৰাজনৈতিক আলোচনাৰ মাজত সোমাই পৰে গৌৰৱ গগৈ,আন কেতিয়াবা পাকিস্তান সন্দৰ্ভৰ বিষয়ত সাঙুৰ খাই পৰে সভাপতি গৰাকী।পুনৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।ইটোৰ পিছত সিটোকৈ তথ্য সংগ্ৰহ হৈ আহিছে গৌৰৱ গগৈৰ।৮ ফেব্ৰুৱাৰী অৰ্থাৎ দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই ফাদিল কৰিব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ বিস্তৃত তথ্য।সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে এই মন্তব্য।লগতে তেওঁ কয় যে “পাকিস্তানত কেইবাটাও বেংক একাউণ্ট আছে গৌৰৱ গগৈৰ পৰিয়ালৰ।যি মানুহৰ বেংক একাউণ্ট পাকিস্তানত থাকিব পাৰে ,সেই মানুহ কিমান বিপজ্জনক হ’ব পাৰে আপোনালোকে ভাবি চাওক।“ অহা ৯ ফেব্ৰুৱাৰীত কংগ্ৰেছ নেতা জিতেন্দ্র সিং, ভূপেশ বাঘেল, গৌৰৱ গগৈ আৰু দেৱব্রত শইকীয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ন্যায়ালয়ত মানহানিৰ গোচৰ তৰিব।
মুখ্যমন্ত্ৰীৰ হাতত গৌৰৱ গগৈৰ বিৰুদ্ধে আছে বহু তথ্য ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সকলো ৰাজহুৱা কৰিব বুলি দাবী কৰিছে মুখ্যমন্ত্ৰীয়ে।আনহাতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই সাংসদ গৌৰৱ গগৈয়ে সামাজিক মাধ্যম যোগে কৈছে- “যি কাম ১০ ছেপ্টেম্বৰত কৰিব পৰা নাই।তাৰিখ ওলাই আছে,তেওঁলোকৰ কেলেংকাৰীৰ কথা সকলোৱে জানে।“ পাকিস্তানত এজেঞ্চ হৈ থকা অভিযোগ বাৰে বাৰে খণ্ডন কৰি আহিছে গৌৰৱ গগৈয়ে।