৬ ফেব্ৰুৱাৰীৰ পৰা শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন

Share

জামুগুৰিহাটৰ ধলাইবিলৰ জ্যেতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত উখল-মাখল পৰিৱেশ। শংকৰদেৱ সংঘৰ অধিৱেশনলৈ মাজত মাত্ৰ আৰু এটা দিন। ৬ ফেব্ৰুৱাৰীৰ পৰা শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। লাখ লাখ ভক্তৰ অংশগ্ৰহণৰ সম্ভাৱনাৰ মাজতে অধিৱেশনৰ দ্বিতীয়দিনা, অৰ্থাৎ ৭ ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই অধিৱেশনত উপস্থিত থাকিব বুলি জানিব পৰা গৈছে।

অধিৱেশনস্থলীত এতিয়া ব্যাপক কৰ্মব্যস্ততা। ধৰ্মপ্ৰাণ সমাজৰ লগতে স্থানীয় ৰাইজ, স্বেচ্ছাসেৱী সংগঠন আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহি অধিৱেশনখন সফল কৰাৰ দিশত একেলগে কামত নামি পৰিছে। ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া এই অধিৱেশনত দূৰ-দূৰণিৰ পৰা আহিবলগীয়া লাখ লাখ ভক্তৰ সুবিধাৰ কথা চিন্তা কৰি আদৰণি সমিতিয়ে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। স্বাস্থ্য সেৱা, পানী যোগান, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু খাদ্য ব্যৱস্থাত কোনো ধৰণৰ ঘাটি নহ’বলৈ সকলো বিভাগ সজাগ হৈ উঠিছে। ইতিমধ্যে অধিৱেশনস্থলীত প্ৰায় ১৫০০টা শৌচাগাৰ আৰু স্নানাগাৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। এই অনাময় ব্যৱস্থাৰ বাবে প্ৰতিদিনে প্ৰায় ৫০ গৰাকী চাফাই কৰ্মী নিয়োজিত থাকিব। অধিৱেশনৰ তিনিওটা দিন জ্যোতি-বিষ্ণু সমন্বয় ক্ষেত্ৰত লাখ লাখ ভক্তৰ সমাগম হ’ব বুলি আশা কৰা হৈছে।

অধিৱেশনস্থলীত অস্থায়ীভাৱে নিৰ্মিত সুন্দৰ নামঘৰত নিতৌ তিনি প্ৰসংগ নাম-কীৰ্তন অনুষ্ঠিত হৈ আছে। বিভিন্ন অঞ্চলৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে শতাধিক শৰাই আগবঢ়াই ধৰ্মীয় পৰিৱেশক অধিক ভাবগধুৰ কৰি তুলিছে। উল্লেখযোগ্য যে শৰাই আৰু অৰিহণাৰ নামত সংগৃহীত ধনৰ পৰিমাণে ইতিমধ্যে লক্ষাধিক টকা অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজে ঘৰে ঘৰে ইতিমধ্যে তিলপিঠা, ঘিলা পিঠা, বৰপিঠা আদি পৰম্পৰাগত খাদ্যসামগ্ৰী সাজু কৰা হৈছে। ভোজনালয়ৰ বাবে প্ৰয়োজনীয় শাক-পাচলি এইবাৰ কন্যকা বহুমুখী কৃষি পামৰ পৰা যোগান ধৰা হ’ব। জানিব পৰা মতে, জৈৱিক পদ্ধতিত উৎপাদিত প্ৰায় ৩৫ হাজাৰ কুইণ্টল শাক-পাচলি অধিৱেশনৰ বাবে ইতিমধ্যে মজুত কৰা হৈছে। অধিৱেশনস্থলীত একেলগে প্ৰায় ১৫ হাজাৰ ভক্তই আহাৰ গ্ৰহণ কৰিব পৰাকৈ সুবিশাল ভোজনালয় আৰু ৩০০টা চৌকা থকা বৃহৎ ৰান্ধনিশালৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে। অধিৱেশনস্থলী প্ৰতিদিনে প্ৰায় ৬০,০০০ লোকক আপ্যায়ন কৰিবলৈ ইতিমধ্যে সাজু হৈ উঠিছে। পুৱতি নিশা ২ বজাৰ পৰা দিনৰ ২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা নিশা ১১ বজালৈ এই আপ্যায়ন চলিব। 

Leave a Reply

Your email address will not be published. Required fields are marked *