অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপিৰ শাসনাধিষ্ঠ চৰকাৰখনে যোৱা ৫বছৰে বিভিন্ন ধৰণৰ উন্নয়ন মূলক কাম কৰিছে।সেই বিষয়ক লৈ আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে এন ই য়ে এক সম্পৰীক্ষা চলাইছে। সম্পৰীক্ষা মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্য্যকালত ২৬.২% অসমৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন কৰা মন্ত্ৰীগৰাকী হৈছে বৰ্তমানৰ জনসংযোগ মন্ত্ৰী পীযুষ হাজৰীকা। তেওঁ এই বিশেষ জৰীপত শীৰ্ষস্থান দখল কৰিছে। আনহাতে ১১.৫% সমীক্ষাৰ দ্বিতীয় স্থানত আছে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগু।
সমীক্ষাৰ তৃতীয় স্থানত ৮.১% আছে পৰ্যটন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। ৪.৭% চতুৰ্থ স্থান দখল কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।আনহাতে ৪% পঞ্চম স্থান দখল কৰিছে কৃষি মন্ত্ৰী অতুল বৰাই।৩.১% ষষ্ঠ স্থানত আছে ৰাজ্যিক বিত্ত মন্ত্ৰী অজন্তা নেওগ,৩% সপ্তম স্থানত চন্দ্ৰমোহন পাটোৱাৰী,২% অষ্টম স্থানত দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু ১.৯% অশোক সিংঘলে নৱম স্থান অধিকাৰ কৰিছে। উল্লেখ্য যে, এই একেই সমীক্ষাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপেও অভিহিত কৰা হৈছে । বৰ্তমানে ৰাজ্যিক কেবিনেটৰ মুঠ সদস্য সংখ্যা ১৮ জনলৈ বৃদ্ধি পাইছে ।