ৰাজ্যৰ শিক্ষা খণ্ডত এক বৃহৎ সংযোজন। ৩ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে ৬৭ টা প্ৰাদেশীকৃত আৰু চৰকাৰী বিদ্যালয় ভৱন। উন্নত শিক্ষাৰ সুদৃঢ় ভেটি গঢ়াৰ লক্ষ্যৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ভার্চুৱেল ব্যৱস্থাৰে ৬৭ টা বিদ্যালয় ভৱন উদ্বোধন কৰে আৰু ৬১ টা নতুন বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন কৰে। এই উদ্দেশ্যে ৩ ফেব্ৰুৱাৰীত সোণাপুৰত আয়োজন কৰা এক অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড। ৭৬৫ কোটি টকা ব্যয় সাপেক্ষে এই বিদ্যালয়ৰ নতুন ভৱনসমূহ নিৰ্মাণ কৰি উলিওৱা হৈছে। ভৱনসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কার্যসূচীত বিধানসভা সমষ্টি অনুসৰি বিধায়কসকলে অংশগ্ৰহণ কৰে।
উদ্বোধনী অনুষ্ঠান সমাপ্ত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা কয় যে, “আজি ৰাজ্য চৰকাৰে ৫-৮ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰি উলিওৱা ৬৭ খন প্ৰাদেশীকৃত আৰু চৰকাৰী বিদ্যালয়ৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আমি শুভ উদ্বোধন কৰিলো।”
মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু কয় যে, “সমান্তৰালভাৱে আন ৬১ খন বিদ্যালয় য’ত নেকি এনেকোৱা নতুন ভৱন নিৰ্মাণ হ’ব তাৰ আমি আধাৰশিলাও স্থাপন কৰিলো। বৰ্তমান ৰাজ্য চৰকাৰে ১৩০০ খন নতুন বিদ্যালয় নিৰ্মাণৰ কাম হাতত লৈছে, য’ত নেকি ৪ কোটিৰ পৰা ৯ কোটি টকা পৰ্যন্ত খৰচ কৰিব ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি অনুসৰি, আৰু অহা ৫ বছৰত অমাৰ অসমত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সংখ্যা ৪ হাজাৰতকৈ অলপ বেছি। মই ভাবো যে এইধৰণে যদি আমি গৈ থাকো ২০৩০ চনৰ ভিতৰত অসমৰ প্ৰতিখন বিদ্যালয়ৰে সুন্দৰ ভৱন নিৰ্মাণ হৈ উঠিব। আজি আমাৰ কাৰণে এইটো এটা বহুত ডাঙৰ অনুষ্ঠান আছিলে। মই সচাঁকৈয়ে গৌৰৱ অনুভৱ কৰিছো এই বিদ্যালয়ৰ শুভ উদ্বোধন কৰি। সকলোকে মই কৃতজ্ঞতা জ্ঞাপন কৰিছো।”
এই নৱ নিৰ্মিত বিদ্যালয়সমূহৰ প্ৰত্যেকতে শ্ৰেণী কোঠা ১৮ টা, কম্পিউটাৰ কক্ষ, স্মার্ট শ্ৰেণীকোঠা ২ টা, অধ্যক্ষৰ কক্ষ ১ টা, শিক্ষক-শিক্ষয়িত্ৰীৰ জিৰণীকোঠা ১ টা, পৰীক্ষাগাৰ ৩ টা, ল’ৰা-ছোৱালীৰ পৃথক শৌচাগাৰ আদিৰ ব্যৱস্থা আছে। আধুনিক সা-সুবিধাযুক্ত এই শৈক্ষিক আন্তঃগাথনিয়ে বিশ্বমানৰ জ্ঞান অন্বেষণৰ যাত্ৰাত ৰাজ্যৰ শিক্ষাৰ্থীসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছে।