আজি পুনৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব।নিৰ্বাচনৰ পূৰ্বেই অসমলৈ সঘনাই আগমণ হৈছে মন্ত্ৰীৰ লগতে বিভিন্ন ৰাজনৈতিক নেতাৰ।একপ্ৰকাৰে এয়া নিৰ্বাচনী প্ৰচাৰ বুলিও উল্লেখ কৰিব পাৰি। আজি নিশা ডিব্ৰুগড়ত উপস্থিত হ’ব গৃহমন্ত্ৰী অমৃত শ্বাহ। তেওঁ ডিব্ৰুগড়ত নিশাটো কটাই ৩০ জানুৱাৰীত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰিব।
পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তিনিবাৰকৈ অসমলৈ আহিছে।অসমত বিভিন্ন প্ৰকল্পৰ লগতে বিভিন্ন আচঁনি মুকলি হৈছে অসমত।পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহ।ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত বিশাল জনসভাত ১১ বজাত অংশগ্ৰহণ কৰিব।মন্ত্ৰীগৰাকীয়ে ৪ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ১ টা প্ৰকল্পৰ শুভাৰম্ভ কৰিব।১৫০০ আসনযুক্ত খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব।জনসভাত মুঠ ১ লাখ জনসাধাৰণে অংশগ্ৰহণ কৰিব।ডিব্ৰুগড়ৰ বিধানসভা চৌহদ আৰু বিধায়ক আৱাসৰ শিলান্যাস কৰিব গৃহমন্ত্ৰী গৰাকীয়ে। আনহাতে চাবুৱাৰ মুলুক গাৱঁত বন্যপ্ৰাণী স্বাস্থ্য আৰু গৱেষণা প্ৰতিষ্ঠানৰ শিলান্যাস কৰিব গৃহমন্ত্ৰী গৰাকীয়ে। ধেমাজিত মিচিং সাংস্কৃতিক মহোৎসৱতো অংশগ্ৰহণ কৰিব অমিত শ্বাহে।আনহাতে ৩০ জানুৱাৰীত সন্ধিয়া ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ৰাজনৈতিক আলোচনাত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তাৰ পিছতেই গুৱাহাটীৰ বিমানবন্দৰত উপস্থিত হ’ব অমৃত শ্বাহ।সকলো কাৰ্যসূচী সমাপণ কৰি পশ্মিমবংগলৈ ৰাওনা হ’ব অমৃত শ্বাহ।