মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২৮ জানুৱাৰী ,মঙলবাৰে নিশা দিশপুৰৰ লোকসেৱা ভৱনত অনুস্থিত হয় অসম চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক। বৈঠকৰ মুখ্য বিষয়সমূহ আছিল উন্নয়নমুলক আঁচনিৰ অনুমোদন, শিক্ষা স্বাস্থ্য, কৃষিৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত, নিয়োগ, পদোন্নতি আৰু প্ৰশাসনিক সংস্কাৰ, আইন শৃঙ্খলা আৰু সামাজিক কল্যাণমূলক পদক্ষেপ ইত্যাদি। ইয়াৰ উপৰিও পঞ্চয়তৰ সদস্যসকলৰ স্বাস্থ্যসেৱা নিশ্চিত কৰা,কেবিনেটে চিকিৎসালয়ত চিকিৎসাৰ বাবে পঞ্চায়ত সদস্যক মেডিকেল ৰিইম্বৰ্চমেণ্টৰ বাবে তালিকাভুক্ত কৰাও অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে ৩০ হাজাৰৰো অধিক পঞ্চায়ত সদস্য উপকৃত হ’ব। অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিয়ালক ভূমি নিশ্চিত কৰা।
ডিব্ৰুগড়ৰ মৰাণ ৰাজহ চক্ৰৰ অধীনত ভিজিআৰ ভূমি খিলঞ্জীয়া পৰিয়াল আৰু ৰাজহুৱা উপযোগীতা আবণ্টনৰ বাবে ডি-ৰিজাৰ্ভত এক বিশেষ অনুমোদন জনাইছে কেবিনেটে। চহৰ অঞ্চলত সুলভ মূল্যৰ চাহ বাগিচাৰ মাটি আবণ্টন টাউন আৰু পেৰিফেৰেল এলেকাৰ ভিতৰত পৰে লেবাৰ লাইনত বাস কৰা চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে বন্দোবস্তৰ প্ৰিমিয়াম শিথিল আৰু যুক্তিসংগতকৰণত কেবিনেটে অনুমোদন জনাইছে। ৫ বছৰত দিবলগীয়া প্ৰতি বিঘাই ৫০০ টকাৰ একেধৰণৰ নামমাত্ৰ প্ৰিমিয়াম নিৰ্ধাৰণ কৰা হৈছে। যাৰ দ্বাৰা বাগিছাৰ শ্ৰমিক সকল বিশেষভাৱে উপকৃত হব। অসম চৰকাৰৰ দ্বাৰা প্ৰদান কৰা পি আৰ চি আৰু অ’ বি চি প্ৰমাণপত্ৰ থকা অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ লোকসকলক তিনিচুকীয়া জিলাৰ নিয়োগ বিনিময়ত পঞ্জীয়ন কৰিবলৈ অনুমতি দিয়াত মন্ত্ৰীসভাই অনুমোদন জনাইছে।
আনহাতে চুতীয়া জনগোষ্ঠীৰ আৰ্থ-সামাজিক অৱস্থা উন্নীত কৰা।অ’বিচিৰ ভিতৰত এচিএছ আৰু এপিএছ জুনিয়ৰ গ্ৰেডত চুতীয়া জনগোষ্ঠীৰ বাবে ১টাকৈ পদ সংৰক্ষণৰ ক্ষেত্ৰত কাৰ্যবাহী আদেশ বিবেচনা কৰিবলৈ কেবিনেটে অনুমোদন জনাইছে। আনফালে গাখীৰ প্ৰক্ৰিয়াকৰণ প্লাণ্ট নিৰ্মাণ, পশু চিকিৎসা প্ৰকল্প, গ্ৰাম্য পথ শক্তিশালী কৰা আৰু ৰাজহুৱা শৌচাগাৰ নিৰ্মাণৰ বাবে আৰ আই ডি এফৰ অধীনত ২০০.৩৬ কোটি টকাৰ ২৭টা প্ৰকল্পত কেবিনেটে অনুমোদন জনাইছে।