অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ,অসমৰ ৫ গৰাকী বৰেণ্য ব্যক্তিলৈ কেন্দ্ৰীয় চৰকাৰৰ আগবঢ়ালে পদ্মশ্ৰী সন্মান

Share

অসমবাসীৰ বাবে গৌৰৱৰ ক্ষণ। গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত কেন্দ্ৰ চৰকাৰে প্ৰকাশ কৰিলে পদ্ম বঁটাপ্ৰাপকৰ তালিকা।দেশৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৩১ গৰাকী ব্যক্তিলৈ এইবাৰ পদ্ম বঁটা আগবঢ়োৱা হৈছে। ইয়াৰে ৫ গৰাকীলৈ পদ্মবিভূষণ, ১৩ গৰাকীলৈ পদ্মভূষণ আৰু ১১৩ গৰাকীলৈ পদ্মশ্ৰী বঁটা ঘোষণা কৰা হয়। বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে এই লোকসকলে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা লাভ কৰে। পদ্মশ্ৰী বঁটা ১১৩ গৰাকীৰ তালিকাত অন্তৰ্গত হল অসমৰ ৫ গৰাকী সন্তান ।  জনসেৱাৰ বাবে মৰণোত্তৰভাৱে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ পুৰকায়স্থ,কলাৰ বাবে নুৰুদ্দিন আহমেদ, বিশিষ্ট সত্ৰীয়া শিল্পী হৰিচৰণ শইকীয়া, কাৰ্বি আংলঙৰ লোকশিল্পী পখিলা লেকথেপী, কৃষিৰ বাবে যোগেশ দেউৰীক প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰৰ পদ্মশ্ৰী সন্মান। 

কবিন্দ্ৰ পুৰকায়স্থ  বিজেপিৰ এগৰাকী প্ৰসিদ্ধ ৰাজনীতিবিদ আছিল । বিজেপি দলৰ অন্যতম ভেঁটি গঢ়োতা আছিল তেওঁ। অসম বিজেপৰ ভেঁটি শক্তিশালী কৰাত তেওঁৰ অৱদান আছিল অতুলনীয়। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপেও পুৰকায়স্থই বহু অৱদান আগবঢ়াই গৈছে। জনতাৰ বাবেও অৱদান অতুলনীয়। সমাজৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে এইগৰাকী ৰাজনীতিবিদক মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা হৈছে। 

দ্বিতীয় গৰাকী পদ্মশ্ৰী বটাঁপ্ৰাপক নুৰুদ্দিন আহমেদে প্ৰায় ৫০ বছৰ ধৰি শিল্প-ভাস্কৰ্য সাধনা কৰি আহিছে। বৰদোৱাৰ নৱনিৰ্মিত প্ৰকল্পৰ সৈতেও জড়িত হৈ আছিল তেওঁ। শিল্প ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে আহমেদলৈ এই বঁটা প্ৰদান কৰা হৈছে।

তৃতীয় গৰাকী পদ্মশ্ৰী বটাঁপ্ৰাপক  হৰিচৰণ শইকীয়া। সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত তেখেতক পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে।

চতুৰ্থগৰাকী পদ্মশ্ৰী বটাঁপ্ৰাপক কাৰ্বি পাহৰৰ সুকণ্ঠী গায়িকা পখিলা লেকথেপী। এইগৰাকী লোকশিল্পীয়ে অসমলৈ বহু অৱদান আগবঢ়াই গৈছে। কাৰ্বিপাহাৰৰ নাইটিংগেল খ্যাত এইগৰাকী মহিলা।

পঞ্চম গৰাকী পদ্মশ্ৰী বটাঁপ্ৰাপক এৰি আৰু ৰেচম বিশেষজ্ঞ যোগেশ ৰাজবংশী।ৰেচম বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক।যুৱচামক এই উদ্যোগৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যেৰে কোকৰাঝাৰৰ আদাবাৰীত ছিল্ক পাৰ্ক গঠন কৰাৰ উদ্যোগ লৈছিল।৩০ বছৰ ধৰি তেওঁ ৰেচম বিভাগত কৰ্মৰত আছিল।২০২১ চনৰ ৩১ মে’ত বি টি চিৰ ৰেচম বিভাগৰ সঞ্চালক হিচাপে অৱসৰ গ্ৰহণ কৰিছে ড ° যোগেশ দেউৰীয়ে।অসম চৰকাৰে ২০২৩ চনতে অসম গৌৰৱ বঁটাৰে সন্মানিত কৰিছিল যোগেশ দেউৰীক।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বঁটাপ্ৰাপকসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ অৱদান সঁচা অৰ্থত প্ৰেৰণাদায়ক বুলি প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *