অসম গণ পৰিষদৰ লগত মিত্ৰতা অক্ষুণ্ণ থাকিবঃ মুখ্যমন্ত্ৰী

Share

সমাগত ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচন। শাসক-বিৰোধী সকলো ব্যস্ত নিৰ্বাচনী প্ৰচাৰত।  বিগত কেইবাদিন ধৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰায়ে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ মিত্ৰতাৰ ওপৰত বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰি আহিছে। ৬ জানুৱাৰীত বোকাখাতত সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই পৰোক্ষভাৱে কংগ্ৰেছক এই বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে। অসম গণ পৰিষদৰ লগত মিত্ৰতা কৰিবলৈ বিজেপিৰ আপত্তি নাই বুলি স্পষ্ট কৰিলে মুখ্যমন্ত্ৰীয়ে।

আঞ্চলিক দলটোৰ লগত বিজেপিৰ মিত্ৰতা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য, “অগপৰ লগত আমাৰ কোনো আপত্তি নাই। গতিকে তাৰবাবে দুখন মিটিং পাতি সাংবাদিকসকলক মাতি তেনেকৈ নালাগে। অতুল বৰাৰ লগত কথা পাতি থকাসকলে পাতি আছে। যেতিয়া সকলোৰে কথা পাতি শেষ হ’ব তেতিয়া মই পাতি লম”। এইবাৰো বোকাখাত সমষ্টি বিধায়ক অতুল বৰাক এৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে ইংগিত দি কয় যে, “বোকাখাত পুনৰ অতুল বৰাকেই আমি বিচাৰিছো। কাৰণ বোকাখাত এতিয়া অসমৰ নাভিকেন্দ্ৰ হ’বলৈ গৈ আছে”।

শেহতীয়াকৈ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ভোটাৰ তালিকাত ভোটাৰৰ নাম কৰ্তন আৰু অন্তৰ্ভুক্তি সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে, “অখিল গগৈৰ ফেচবুক লাইভ চাই মোৰ ভাল লাগে আৰু তেওঁ সেইটো আমাক মনোৰঞ্জন দিবলৈ কৰে। অখিল গগৈৰ ফেচবুক লাইভ মই সদায় চাওঁ। তেওঁ কোনো গুৰুত্বপূৰ্ণ কথাৰ বাবে ফেচবুক লাইভ নিদিয়ে, সেইটো তেওঁ মানুহক মনোৰঞ্জনৰ বাবে দিয়ে। যদি আপোনাৰ মন বেয়া লাগি আছে, তেনেহ’লে অখিল গগৈৰ ফেচবুক লাইভ চাব মনটো ভাল লাগি যাব। অখিল গগৈৰ কথা কোনেও গুৰুত্ব নিদিয়ে। অখিল গগৈ এজন ভাল মনোৰঞ্জনৰ আহিলা”।

Leave a Reply

Your email address will not be published. Required fields are marked *