শোণিতপুৰৰ বুঢ়িচাপৰি সংৰক্ষিত বনাঞ্চলত চৰকাৰৰ উচ্ছেদ

Share

অভয়াৰণ্যখনৰ অবৈধ বসতিপূৰ্ণ ৬,২০০ বিঘা ভূমি পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰা হৈছিল, যাৰ ফলস্বৰূপে ৭১০ টা পৰিয়ালে ঠাইখনত বহুবছৰ ধৰি অবৈধভাৱে বসবাস কৰি আহিছিল। দুদিনীয়া উচ্ছেদ অভিযানেৰে এই সকলো ঠাই সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হয়। এই অভিযানৰ দ্বিতীয় দিনা তেজপুৰৰ পৰা শোণিতপুৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ ঘটনাস্থলীত উপস্থিত থাকি অভিযান নিৰীক্ষণ কৰে। দ্বিতীয় দিনাৰ অভিযান ৯ বজাৰ পৰা আৰম্ভ হয়।

 সেই অভিযোগৰ ভিত্তিতে প্ৰশাসনৰ বুলড’জাৰ আৰু অন্যান্য যন্ত্ৰপাতিৰ সহায়ত ৭১০টা পৰিয়ালৰ গৃহ উচ্ছেদ কৰাৰ লগতে কৃষিভূমিখিনিও বেদখলৰ পৰা মুক্ত কৰা হয় ।জানিব পৰা মতে, শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ জামুকটল, আৰিমাৰী, চিয়ালীচৰ, বাঘেটাপু, গলটিডুবি, লাঠিমাৰী, কুন্ডুলীচৰ, পূব ডুব্ৰামাৰী আৰু বাতলিচৰ আদি অঞ্চলত অবৈধভাৱে বসবাস কৰা পৰিয়ালসমূহক উচ্ছেদ কৰি ৬,২০০ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে ।

জেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, ‘‘দ্বিতীয় দিনৰ অভিযানত সম্পূৰ্ণ এলেকা বেদখলৰ পৰা মুক্ত কৰা হয় । এই সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷’’দুদিনীয়া অভিযানত ৩০০ৰো অধিক আৰক্ষী কৰ্মী মোতায়েন কৰাৰ লগতে ৩৬খন এক্সকেভেটৰ আৰু ৬০খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ।লগতে ১৫ দিনৰ ভিতৰত শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কি পৰিস্থিতিত সেই ঠাইত ঘৰ, দোকান, বিল্ডিং আৰু কৃষি কাৰ্য কৰিছে তাৰ সবিশেষ তথ্য সহকাৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ বিগত ১২ ডিচেম্বৰৰ দিনা সেইসমূহ শুনানি কৰা হৈছিল। যাৰ পাছতো বেদখলকাৰীৰ গা নলৰাৰ বাবে বলপুৰ্বকভাবে উচ্ছেদ অভিযান চলোৱা হয়।শোণিতপুৰৰ বুঢ়িচাপৰি সংৰক্ষিত বনাঞ্চলত চৰকাৰৰ উচ্ছেদ ।অভয়াৰণ্যখনৰ অবৈধ বসতিপূৰ্ণ ৬,২০০ বিঘা ভূমি পুনৰুদ্ধাৰ কৰাৰ লক্ষ্যৰে অভিযান আৰম্ভ কৰা হৈছিল, যাৰ ফলস্বৰূপে ৭১০ টা পৰিয়ালে ঠাইখনত বহুবছৰ ধৰি অবৈধভাৱে বসবাস কৰি আহিছিল। দুদিনীয়া উচ্ছেদ অভিযানেৰে এই সকলো ঠাই সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰা হয়। এই অভিযানৰ দ্বিতীয় দিনা তেজপুৰৰ পৰা শোণিতপুৰ জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ ঘটনাস্থলীত উপস্থিত থাকি অভিযান নিৰীক্ষণ কৰে। দ্বিতীয় দিনাৰ অভিযান ৯ বজাৰ পৰা আৰম্ভ হয়।

 সেই অভিযোগৰ ভিত্তিতে প্ৰশাসনৰ বুলড’জাৰ আৰু অন্যান্য যন্ত্ৰপাতিৰ সহায়ত ৭১০টা পৰিয়ালৰ গৃহ উচ্ছেদ কৰাৰ লগতে কৃষিভূমিখিনিও বেদখলৰ পৰা মুক্ত কৰা হয় ।জানিব পৰা মতে, শোণিতপুৰ জিলাৰ তেজপুৰ সদৰ আৰু ঢেকিয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চলৰ জামুকটল, আৰিমাৰী, চিয়ালীচৰ, বাঘেটাপু, গলটিডুবি, লাঠিমাৰী, কুন্ডুলীচৰ, পূব ডুব্ৰামাৰী আৰু বাতলিচৰ আদি অঞ্চলত অবৈধভাৱে বসবাস কৰা পৰিয়ালসমূহক উচ্ছেদ কৰি ৬,২০০ বিঘা মাটি বেদখলমুক্ত কৰা হৈছে ।

জেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই কয়, ‘‘দ্বিতীয় দিনৰ অভিযানত সম্পূৰ্ণ এলেকা বেদখলৰ পৰা মুক্ত কৰা হয় । এই সময়ছোৱাত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷’’দুদিনীয়া অভিযানত ৩০০ৰো অধিক আৰক্ষী কৰ্মী মোতায়েন কৰাৰ লগতে ৩৬খন এক্সকেভেটৰ আৰু ৬০খন ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ।লগতে ১৫ দিনৰ ভিতৰত শোণিতপুৰ জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কি পৰিস্থিতিত সেই ঠাইত ঘৰ, দোকান, বিল্ডিং আৰু কৃষি কাৰ্য কৰিছে তাৰ সবিশেষ তথ্য সহকাৰে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছিল ৷ বিগত ১২ ডিচেম্বৰৰ দিনা সেইসমূহ শুনানি কৰা হৈছিল। যাৰ পাছতো বেদখলকাৰীৰ গা নলৰাৰ বাবে বলপুৰ্বকভাবে উচ্ছেদ অভিযান চলোৱা 

Leave a Reply

Your email address will not be published. Required fields are marked *