ৰাজ্য চৰকাৰে অসমৰ ২০০ বছৰীয়া চাহ পৰম্পৰা সংৰক্ষণৰ বাবে বহু ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰি আহিছে।এটি কলি দুটি পাত তাৰে অন্য এক অংশ।মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক্সযোগে জানিবলৈ দিয়া মতে, এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিজন চাহ শ্ৰমিকে লাভ কৰিব এককালীন সাহাৰ্য্য হিচাপে৫,০০০ টকা ।লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই আঁচনিৰ জৰিয়তে মুঠ ৬ লাখ লোকক সামৰি লোৱা হ’ব ৷ চাহ উদ্যোগৰ সৈতে জড়িত লাখলাখ শ্ৰমিকক আৰ্থিক অনুদান প্ৰদানৰ লগতে আৰু সামাজিক সুৰক্ষা নিশ্চিত কৰা এই আচঁনিৰ মূল লক্ষ্য।শেহতীয়াকৈ বিধানসভা অধিৱেশনত চৰকাৰে চাহ বাগানৰ শ্ৰমিকসকলৰ বাবে আন এক সিদ্ধান্ত গ্ৰহণ কৰে । চাহ বাগানৰ শ্ৰমিকৰ লাইনত বসবাস কৰা শ্ৰমিক পৰিয়ালসমূহক ভূমিপট্টা প্ৰদানৰ ব্যৱস্থা কৰা হ’ব ৷ এই সিদ্ধান্তই বহু দশক ধৰি নিজৰ বাসভূমিৰ ওপৰত আইনী অধিকাৰৰ পৰা বঞ্চিত হৈ থকা চাহ শ্ৰমিকসকলক নতুন আশাৰ এক বাট দেখুৱাৰ লগতে ভূমিপট্টা লাভৰ জৰিয়তে চাহ শ্ৰমিক পৰিয়ালসমূহে নিজ বাসভূমিত আইনী স্বীকৃতি পাব, যাৰ ফলত সামাজিক সুৰক্ষাবেংকৰ ঋণ আৰু গৃহ নিৰ্মাণ আদি ক্ষেত্ৰত সুবিধা বৃদ্ধি পাব । লগতে এই ব্যৱস্থাই চাহ শ্ৰমিক সমাজৰ জীৱনমান উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি আশা কৰা হৈছে । প্ৰথমে চাহ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত আৰু নতুন বছৰৰ আৰম্ভণিতেই এটি কলি দুটি পাত আঁচনিৰ আৰ্থিক সকাহে চাহ শ্ৰমিক সকলৰ প্ৰয়োজনীয়তা খিনি পূৰণ কৰা লগতে তেওঁলোকৰ সামাজিত আৰু আৰ্থিক অধিকাৰ শক্তিশালী কৰিব।