২০২৬ৰ দ্বিতীয়টো উচ্ছেদ অভিযান চলিব কাৰ্বি ভূমিত

Share

কাৰ্বিভূমিপুত্ৰৰ প্ৰতিবাদে পালে মৰ্যদা। কাৰ্বিভূমিত বিহুৰ পাছতে চলিব উচ্ছেদ অভিযান।আজিৰে পৰা উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছে PGR VGR ভূমিৰ বাসিন্দালৈ।কাৰ্বি-আংলং ৰ PGR VGR ভূমি বেদখল কৰা দাবীৰে কাৰ্বি আংলংত সৃষ্টি হৈছিল উত্তাল প্ৰতিবাদ। ২০২৫ চনৰ ৬ ডিচেম্বৰৰ পৰা অন্নশন প্ৰতিবাদত বহিছিল কাৰ্বিভূমিপুত্ৰসকল।প্ৰতিবাদৰ মাজতে জ্বলি উঠিছিল খেৰণি। এই প্ৰতিবাদত মৃত্যুক আকোৱালি লৈছিল দুই যুৱকে, আঘাত প্ৰাপ্ত হৈছিল বহুলোক, লগতে আঘাত প্ৰাপ্ত হৈছিল অৰ্ধশতাধিক আৰক্ষী।জ্বলাই দিয়া হৈছিল তুলিৰাম ৰাংহাঙৰ পুৰণি বাসগৃহ। খেৰণিত প্ৰতিবাদে লৈছিল হিংসাত্মক ৰূপ।

তাৰ পাছতে প্ৰশাসনৰ ত্ৰিপাক্ষিক বৈঠকত বহিল প্ৰতিবাদকাৰী আৰু কাৰ্বি স্বায়ত্বশাসিত পৰিষদ । এই বৈঠকতে ওলাল সমাধান সূত্ৰ কাৰ্বি স্বায়ত্বশাসিত পৰিষদ সাজু হল কাৰ্বি ভূমিৰ চৰকাৰী মাটি বেদখলমুক্ত কৰিবলৈ।১৫ দিনৰ সময়সীমা বান্ধি দিয়া হৈছে চৰকাৰী মাটিত বসবাস কৰা লোকসকললৈ।মাঘ বিহুৰ পাছতে চলিব উচ্ছেদ অভিযান।

আনফালে, সমগ্ৰ ৰাজ্যতে ১২ লাখ বিঘাৰো অধিক বেদখলকৃত ভূমি উদ্ধাৰৰ বাবে নিৰন্তৰ উচ্ছেদ অভিযান চলি থাকিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিশ্চিত কৰিছে। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *