সত্ৰীয়া সংস্কৃতিৰ সাধক, প্ৰবীন ক্ৰীড়া উদ্যোগী তথা শ্ৰী শ্ৰী উজনিয়াল সত্ৰৰ সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্তৰ দেহাৱসান।ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ৯৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সত্ৰাধিকাৰ গৰাকীয়ে।সত্ৰাধিকাৰ গৰাকীৰ মৃত্যুত এতিয়া শোকৰ বন্যা বৈছে সমগ্ৰ শিৱসাগৰত।কিছুদিন ধৰি অসুস্থ হৈ থকা সত্ৰাধিকাৰগৰাকী ২০২৫ ৰ ৪জানুৱাৰী, তাৰিখে ৯২বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। লক্ষ্মীকান্ত মহন্তৰ জন্ম হৈছিল ১৯৩৪ চনৰ ৫ জুলাইত যোৰহাটৰ টীয়কৰ শ্ৰীশ্ৰী উজনিয়াল সত্ৰত। পিতৃৰ নাম আছিল স্বৰ্গীয় ফণীন্দ্ৰ নাথ গোস্বামী আৰু মাতৃৰ নাম স্বৰ্গীয় মুক্ষেশ্বৰী মহন্ত। স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ প্ৰথমে বেতবাৰী হাইস্কুলত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল। এইখন বিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল যদিও, পিছলৈ সেই চৰকাৰী চাকৰি বাদ দিছিল।
শিক্ষকতা চাকৰিৰ সমান্তৰালভাৱে তেওঁ ১৯৫৮চনতেই শিৱসাগৰ নগৰত ‘ইণ্ডাষ্ট্ৰিয়েল আৰ্ট’ নামেৰে এটা ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি উদ্যোগীকৰণৰ বাট মুকলি কৰিছিল লক্ষ্মীকান্ত মহন্তই। প্ৰথমে তেওঁ ছাইন ব’ৰ্ড লিখা কাম হাতত লৈছিল। তেওঁয়ে আছিল অসমৰ ফুটবল বা আন ক্ৰীড়া সামগ্ৰী নিৰ্মাণ কৰা আৰু উদ্যোগ স্থাপন কৰা প্ৰথম আৰু একমাত্ৰ উদ্যোগপতি। বৰ্তমান শিৱসাগৰতো আছে দুখন ইণ্ডাষ্ট্ৰিয়েল আৰ্টৰ ক্ৰীড়া সামগ্ৰী বিক্ৰী কৰা প্ৰতিষ্ঠান। ১৯৭৯চনত গুৱাহাটীতো আৰম্ভ কৰিছিল ইয়াৰ শাখা। কেৱল ব্যৱসায় ক্ষেত্ৰতেই নহয়, সামাজিক দিশতো তেখেত সচেতন আছিল। শিক্ষা-সংস্কৃতি, ক্ৰীড়া ক্ষেত্ৰৰ সৈতে ওতঃপোতভাৱে জড়িত লক্ষ্মীকান্ত মহন্ত। শিৱসাগৰ নাট্য সমাজৰ সৈতে তেওঁ ১৯৭৯চনৰ পৰাই তেওঁ জড়িত হৈ অছিল। ২০১৬চনৰ ১০ জানুৱাৰীত যোৰহাটৰ সাংস্কৃতিক গোষ্ঠী ‘গতি’য়ে তেওঁক ‘অসম গৌৰৱ’ প্ৰদান কৰিছিল । অভিনয়ৰ লগতে তেওঁ ‘আমি স্বপ্নাতুৰ’, উত্তৰপুৰুষ নাট পৰিচালনাৰ লগতো জড়িত আছিল।এনেদৰেই বিভিন্ন সময়ত তেওঁ বহু সামাজিক অনুষ্ঠানৰ বিষয়ববীয়াৰ দায়িত্বও গ্ৰহণ কৰি আহিছিল। অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক হোৱাৰ লগতে অসমৰ ক্ৰীড়া সন্থাৰো তেওঁ আজীৱন সদস্য আছিল।