প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া

Share

আজি জুবিন হত্যাৰ প্ৰথমটো শুনানি । কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত অনুষ্ঠিত হ’ব অভিযোগনামা দাখিলৰ পিছত প্ৰথমটো শুনানি। ৭ অভিযুক্তক কিন্তু হাজিৰ কৰোৱা নহয় চি জে এম আদালত।এই শুনানিত গোচৰটোৰ সৈতে জড়িত সাত অভিযুক্তক আদালতত সো-শৰীৰে হাজিৰ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। কিন্তু বাক্সাৰ দৰে অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি নহ’বৰ বাবে ভাৰ্চুৱেলী হাজিৰ কৰোৱাৰ হ’ব চি জে এম আদালত। কিন্তু জুবিন হত্যা গোচৰৰ অতিৰিক্ত তদন্তকাৰী বিষয়া এ এছ পি মৰমী দাসে মূলতঃ ৭ অভিযুক্তক নিৰাপত্তাজনিত কাৰণত ভাৰ্চুৱেলী হাজিৰ কৰোৱাৰ অনুমতি দিবৰ বাবে চি জে এম আদালতত আবেদন দাখিল কৰিছিল।এই আবেদন বিবেচনা কৰি মুখ্য ন্যায়ধীশ অভিযুক্তকেইগৰাকীক ভাৰ্চুৱেলী হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়ে।

মূলত ৭ অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক বাক্সা কাৰাগাৰত, আনফালে শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক হাফলং কাৰাগাৰত ৰখা হৈছে। জুবিন গাৰ্গ হত্যাকাণ্ডত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। ইফালে সন্দীপন শৰ্মাৰ বিৰুদ্ধে অনিচ্ছাকৃত হত্যাৰ গোচৰ আৰু দুই পি এছ অ’ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে বহু গোচৰ ৰুজু হৈছে।আজি আদালতে ৭ অভিযুক্তক পৃথকে পৃথকে অভিযোগনামাৰ প্ৰতিলিপি আৰু গোচৰটোৰ অন্যান্য নথি-পত্ৰ প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে তাৰ পাছতে আৰম্ভ হ’    ব শুনানি প্ৰক্ৰিয়া । আজি আদালতৰ শুনানি কি হয় সেয়া হ’ব লক্ষণীয়।

   

Leave a Reply

Your email address will not be published. Required fields are marked *