ওদালগুৰি সাহিত্য সভা ভৱনত সুধাকন্ঠ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৫ সংখ্যক ওপজা দিন উদযাপন

Share
গৌতম জ্যোতি তালুকদাৰ
ওদালগুৰিঃ ভাৰতৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ ৯৫ সংখ্যক ওপজা দিনটো আজি ৮ ছেপ্টেম্বৰত ওদালগুৰি শতদল সাহিত্য সভাৰ উদ্যোগত আৰু সুধাকন্ঠ ড° ভূপেন হাজৰিকা প্ৰতিমূৰ্তি নিৰ্মাণ সমিতিৰ সহযোগত শতদল সাহিত্য সভা ভৱনত উদযাপন কৰা হয়।
      এই উপলক্ষে পুৱা ৯ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ওদালগুৰি শতদল সাহিত্য সভাৰ সভাপতি কমলাকান্ত শৰ্মাই আৰু পুৱা ৯.৩০ বজাত সুধাকন্ঠৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি  তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে   নিৰ্মাণ সমিতিৰ সভাপতি গৌতম জ্যোতি তালুকদাৰে। দিনৰ ১০.৩০ বজাত সম্পাদক অজয় কলিতাই আঁতধৰা সুধাকন্ঠ ভূপেন হাজৰিকাদেৱৰ ওপৰত আলোকপাত,গীত-মাত,কবিতা পাঠৰ অনুষ্ঠানত প্ৰাক্তন সভাপতি মানিক চন্দ্ৰ শৰ্মা,নৰেশ্বৰ ডেকা,গৌতম জ্যোতি তালুকদাৰ,অখিল কলিতা আদিয়ে বক্তব্য ।
      সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন অনুষ্ঠানত অসম সাহিত্য সভাৰ আজীৱন সদস্য-সদস্যা,হিতৈষী সদস্য,শতদল সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সম্পাদক,বিশিষ্ট নাগৰিক,সাংবাদিক সকলে অংশ গ্ৰহন কৰিব

Leave a Reply

Your email address will not be published. Required fields are marked *