দুটাকৈ প্ৰকল্পৰ শুভ উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে

Share

দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগন্তক অসম ভ্ৰমণক কেন্দ্ৰ কৰি তৎপৰ হৈছে ৰাজ্য চৰকাৰ।বুধবাৰে মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নামৰুপত উপস্থিত হৈ নামৰূপ ভ্ৰমণৰ প্ৰস্তুতি সন্দৰ্ভত  সবিশেষ আলোচনা কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত এক বৈঠকত মিলিত হয়। এই দুদিনীয়া ভ্ৰমণকালত তেওঁ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। সেই একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীৰ এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব।২১ ডিচেম্বৰত প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাৰ নামৰুপত স্থাপন হবলগীয়া এম’নীয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই  প্ৰকল্পটোত ১২.৭ মেট্ৰিক টন এম’নীয়া ইউৰীয়া উৎপাদন কৰিব পৰা যাব। মূখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ নিৰাপত্তা ব্যৱস্থাৰ লগতে প্ৰধানমন্ত্ৰীয়ে অংশগ্রহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰি অনুষ্ঠানটো যাতে সুকলমে পৰিচালিত হয় সেই দিশত যাৱতীয় নির্দেশনা প্রদান কৰে। ইয়াৰ উপৰিও সভাত অংশগ্রহণ কৰিবলগীয়া ৰাইজৰ বাবে পর্যাপ্ত সকলো ধৰণৰ সা-সুবিধা যেনে লঘু আহাৰৰ লগতে খোৱা পানীৰ ব্যৱস্থা কৰা, যান-বাহন নিয়ন্ত্ৰণ আৰু পার্কিং ব্যৱস্থাপনাৰ লগতে প্রাথমিক চিকিৎসাৰ সেৱা  আদি পর্যাপ্ত পৰিমাণে উপলব্ধ কৰিবলৈ তেওঁ প্রশাসনক নির্দেশ দিয়ে। এই বৈঠকত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ডৰ লগতে ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী, বিধায়ক, দলীয় কৰ্মকৰ্তা আৰু অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াবৰ্গৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা প্রমুখ্যে কেইবাজনো বিধায়ক এই বৈঠকত উপস্থিত থাকে।  

  

  

Leave a Reply

Your email address will not be published. Required fields are marked *