ৰাজ্যবাসীৰ বাবে সুখবৰ। কিয়নো বিশ্ববাসীৰ আগত অসমৰ নাম গৌৰাম্বিত কৰা ভাৰতীয় মহিলা ক্ৰিকেটাৰ চিমু দাসৰ কাষত আজি থিয় হল অসম চৰকাৰ। কিন্তু এই যাত্ৰা চিমুৰ বাবে সুখকৰ নাছিল। কাৰন জন্মৰে পৰা জন্মান্ধ চিমুৱে অতি আৰ্থিক দুৰ্দশাত ডাঙৰ দীঘল হোৱাৰ ফলত এখন সুচল গৃহ অবিহনে লালিত পালিত হব লগা হৈছিল। লগতে সক্ষম ভাতৃৰ যত্ন লোৱাকে ধৰি অতিৰিক্ত পাৰিবাৰিক দায়িত্বও তেওঁ বহন কৰিছিল।
কিছু দিন পূৰ্বে বিশ্বকাপ জয় কৰি ভাৰতক গৌৰৱান্বিত কৰিছিল ভাৰতীয় মহিলা ক্ৰিকেট দলে আৰু তাৰ পিছতেই আন এক খবৰেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেই খবৰটো আছিল বিশেষ কিয়নো দিব্যাংগ খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত। পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই দিব্যাংগ মহিলাৰ বিশ্বকাপ ক্ৰিকেট খেলখনত প্ৰথমবাৰৰ বাবে জয় কৰিলে ভাৰতীয় মহিলা ক্ৰিকেটাৰ দলে। বিশ্বকাপ জয়ৰ পিছত ঘৰলৈ উভতাৰ পৰত নগাঁৱৰ নিবাসী চিমু দাসক নগাঁৱৰ কঠিয়াতলী কছাৰীগাঁৱৰ স্থানীয় ৰাইজে উষ্ম আদৰনি জনায়। আনহাতে নগাঁৱৰ জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই চিমু দাসৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ আৰ্থিক দুৰবস্থাৰ কথা বুজ লয়। আনফালে চিমু দাসে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁক অভিবাদন জনোৱাৰ লগতে ক্ৰীড়া যাত্ৰা আগুৱাই নিয়াৰ বাবে ১০ লাখ টকাৰ চেক আৰু এটা চৰকাৰী চাকৰি প্ৰদানৰ কথা ঘোষনা কৰে। অসমৰ ৰাজ্যপাল লক্ষ্মন প্ৰসাদ আচাৰ্য্যও চিমু দাসক তেওঁৰ সাফল্যৰ বাবে সম্বৰ্ধনা জনায়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও চিমু দাসৰ সংগ্ৰামী যাত্ৰা আৰু ক্ৰিকেটৰ প্ৰতি থকা নিষ্ঠাৰ বাবে তেওঁক প্ৰশংসাৰে উপচাই পেলায়।