না জল না স্থল অৱস্থাত পৰিছে ১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকল। E M R I GREEN HEALTH SERVICES কৰ্তৃপক্ষৰ সিদ্ধান্তই তুপনি হৰিছে মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীসকলৰ। কামৰ পৰা বিৰতি লৈ অবৈধ প্ৰতিবাদত লিপ্ত হোৱাৰ কথা উল্লেখ কৰি শ শ কৰ্মচাৰীক ইতিমধ্যেই বৰ্খাস্ত কৰা হৈছে কামৰ পৰা।
চাকৰী নিয়মিয়াকৰণ কৰাৰ লগতে অন্যান্য প্ৰাপ্য বিছাৰি সোমবাৰৰ পৰা অনিৰ্দিষ্ট কালৰ বাবে ধৰ্মঘত তথা কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহন কৰি প্ৰতিবাদত বহিছে সদৌ অসম মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা। আনফালে E M R I GREEN HEALTH SERVICES য়ে পৰিচালনাৰ পৰা একাধিক আবেদন লাভ কৰাৰ পিছতো কৰ্তব্যৰ পৰা বিৰত থকা পাইলটসকলৰ এটা অংশৰ দ্বাৰা চলি থকা অবৈধ আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি ছাৰ্ভিচ বুকৰ নিৰ্দেশনা আৰু অনুমোদিত স্থায়ী আদেশৰ সৈতে সংগতি ৰাখি ‘ন’ ৱৰ্ক-ন’ পে’ নীতি বজাই ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
এতিয়া প্ৰশ্ন হয়, কোন শুদ্ধ ? নিজৰ প্ৰাপ্য আদায়ৰ স্বাৰ্থত আন্দোলনত নামি পৰা কৰ্মচাৰী সকল, নে জনতাৰ স্বাস্থ্য সুৰক্ষাৰ স্বাৰ্থত নতুন কৰ্মচাৰী নিযুক্ত কৰাৰ সিদ্ধান্ত লোৱা E M R I GREEN HEALTH SERVICES কৰ্টিপক্ষ ? বৰ্তমান অসমৰ এই অৱস্থা সকলোৰে জ্ঞাত যে এজন গলে দহ জনে তেখেতৰ স্থান লোৱাৰ প্ৰচেষ্টাত ব্যস্ত হৈ পৰে। তেনে স্থলত হয়টো কেইহাজাৰমান পদৰ বাবে কৰ্মচাৰী নিযুক্ত কৰাটো E M R I ৰ বাবে অধিক কঠিন নহব। কিন্তু বছৰ বছৰ ধৰি সেৱা আগবঢ়োৱা এই কৰ্মচাৰীসকলৰ বাবে E M R I যে গ্ৰহণ কৰা এই সিদ্ধান্ত কোনো ধুমূহাতকৈ হয়তো কম নহব।
এই খিনিতে অন্য এক বিষয়ো আহি পৰে, বছৰ বছৰ ধৰি নিজৰ প্ৰাপ্য নোপোৱা চৰকাৰী কৰ্মচাৰী কেৱল এই ১০৮ মৃত্যুঞ্জয় সেৱাৰ পাইলটসকলেই নহয় , অন্য বহু এনে ধৰণৰ বিষয়া আছে যিসকলে অশেষ কষ্ট কৰাৰ পাছতো নিজৰ প্ৰাপ্য পাবলৈ অসমৰ্থ। তেনে স্থলত এই মৃত্যুঞ্জয় সেৱাৰ পাইলতসকলৰ দৰেই সেইসকলেও যেতিয়া নিজৰ প্ৰাপ্য বিচাৰি ওলাই আহিব তেতিয়া তেওঁলোকৰো দশা এনেধৰণৰেই হব নেকি। এই প্ৰশ্ন আমি উপস্থাপন কৰা উচিত চৰকাৰৰ ওপৰত।