অসমৰ  উচ্ছেদ অভিযান  আৰু ২০২৬ৰ নিৰ্বাচন

Share

অসমত চলি থকা উচ্ছেদ অভিযানসমূহ কেৱল প্ৰশাসনিক কাৰ্য নহয় ই ৰাজনৈতিক, সামাজিক আৰু জনসংখ্যাগত পৰিৱৰ্তনৰ সৈতে গভীৰভাবে জড়িত এক বিষয়। ২০২৬ৰ বিধানসভা নিৰ্বাচন প্ৰাকমুহূর্তত এই অভিযানসমূহৰ প্ৰভাৱ বৰ্তমান সময়ত বিশেষ গুৰুত্বপূর্ণ। উচ্ছেদ অভিযানৰ দ্বাৰা চৰকাৰে  বনাঞ্চল, বা চৰকাৰী ভূমি দখল  হৈ থকা অঞ্চলসমূহ মুক্ত কৰাৰ বাবে এই অভিযান প্ৰয়োজনীয়। ৰাজ্যৰ ভূমি নীতি আৰু পৰিকল্পিত উন্নয়নক সঠিক দিশত লৈ যোৱাৰ বাবে ভূমি–সুৰক্ষা যথেষ্ট গুৰুত্বতা আছে। অঞ্চল সমূহ  উন্নয়ন কৰিব লাগিলে ভূমিৰ ওপৰত থকা দখল নিৰ্মূল কৰাটো অনিবার্য। তাৰ লগতে ভূমিৰ ওপৰত দীৰ্ঘদিনীয়া দখলৰ ফলত যিবিলাক ভুৱা নথি পত্ৰ, বেআইনী বিক্ৰী, চক্রান্ত আৰু ডাঙৰ পৰিয়ালৰ মাফিয়াৰ প্রভাৱ বৃদ্ধি পাইছিল, সেই ধৰণৰ অসামাজিক কাৰ্যক ৰোধ কৰিবলৈ উচ্ছেদ অভিযানৰ গুৰুত্বতা আছে। অসমৰ ভূমি অধিকাৰৰ প্ৰশ্নটোৰ প্ৰাসংগিকতাও ইয়াৰ সৈতে অন্তনিৰ্হিত হৈ আছে। ২০২৬ৰ নিৰ্বাচনৰ পটভূমিত এই অভিযানে বিজেপি চৰকাৰৰ দৃঢ় প্রশাসনিক প্ৰতিচ্ছবিকো পুনৰ শক্তিশালী কৰাৰ আশা চৰকাৰ পন্থীৰ।অন্যহাতে আমি যদি আমি লক্ষ্য কৰোঁ  দেখা যায় উচ্ছেদৰ সময়ত পৰ্যাপ্ত পুনর্বাসন নীতি নথকাৰ ফলত বহু পৰিয়াল গৃহহীন হৈ পৰিছে। তাৰ লগতে এই অভিযানে বিশেষকৈ সংখ্যালঘু সম্প্ৰদায় লোক সকলক লক্ষ্য কৰি লৈছে। উচ্ছেদ অভিযানে ৰাজনীতি বা নিৰ্বাচনী সমীকৰণৰ অংশ হিচাপে কাম কৰিছে বিশেষকৈ চামগুৰি, দৰঙ, নগাঁও, ধুবুৰী, বৰপেটা আদি অঞ্চলত অভিযানৰ সময়ত  নির্দিষ্ট সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা দেখা যায়। যদিও চৰকাৰে এই অভিযোগ সমূহ নাকচ কৰে, তথাপিও “selective eviction”ৰ অভিযোগে সামাজিক বিভাজন বৃদ্ধি কৰিছে।উচ্ছেদ অভিযানৰ বাবে বহু স্কুল, মন্দিৰ–মহজিদ, ক্ষতিগ্ৰস্ত কৰিছে ।যিকোনো উন্নয়ন নীতিৰ লক্ষ্য হ’ল মানৱ জীৱনৰ সুৰক্ষা আৰু উন্নতি। কিন্ত উচ্ছেদৰ নামত যদি মানৱিক দৃষ্টিভংগী পিছত পৰে, তেন্তে শাসনব্যবস্থাৰ ওপৰত আস্থা হ্ৰাস হোৱাৰ কথা আহি পৰে। আনহাতে ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনৰ পেক্ষাপটত লক্ষ্য কৰা যায় তেন্তে ২০২৬ৰ বিধানসভা নিৰ্বাচনত উচ্ছেদ অভিযান এটা গুৰুত্বপূর্ণ বিষয় হিচাপে প্ৰত্যক্ষভাবে ভূমিকা ল’ব।এই অভিযানে শৃংখলিত শাসন বুলি বিজেপিক স্বাগত জনাব পাৰে। তাৰ অৰ্থ বিজেপিৰ ভোটবেংক অধিক সংহত হ’ব পাৰে। অন্যহাতে উচ্ছেদ অভিযান প্ৰতিৰ একাংশৰ  ক্ষোভ বা অসন্তোষ দেখা গৈছে । যদিহে এই ক্ষোভ ৰাজনৈতিকভাৱে সংগঠিত হয়, তেন্তে বিৰোধী দলসমূহৰ বাবে জনসমৰ্থন লাভ কৰাৰ সুযোগ সৃষ্টি হ’ব। অসমৰ উচ্ছেদ অভিযানে  সম্পূৰ্ণভাবে ২০২৬ৰ নিৰ্বাচনৰ ক্ষেত্ৰত এই অভিযানৰ প্ৰভাৱ দ্বিমুখী হ’ব—একপাক্ষিক নহয়।চৰকাৰ যদি অভিযানৰ সৈতে সন্মানজনক পুনর্বাসন, ন্যায়সঙ্গত নীতি, সংবেদনশীল ব্যৱস্থা বুজি চলিব পাৰে, তেন্তে বিজেপিৰ স্থিতি দৃঢ় হ’ব। অন্যহাতে কিন্তু যেতিয়া উচ্ছেদ অভিযান জনমানসৰ ওপৰত কঠোৰ অভিঘাত সানিব, তেতিয়া ই ৰাজনৈতিক সমীকৰণ সম্পূৰ্ণ উলোট-পালটও কৰি পেলাবও পাৰে।উচ্ছেদ মানেই ঠিকনা পৰিবর্তন ,বাসস্থান হেৰুৱা,নথিপত্ৰ হেৰুৱা,ভোটাৰ তালিকাৰ সংশোধনৰ  প্ৰয়োজন।যাৰ ফলত, বহু লোক ভোটাৰ তালিকাত নিজৰ নাম পুনৰ নিবন্ধন কৰিবলৈ বাধ্য হব আৰু এই প্ৰক্ৰিয়া জটিল নতুন ঠিকনা,নতুন নথি,BLO পর্যবেক্ষণ আৰু ই এক গভীৰ গণতান্ত্ৰিক চিন্তা–উদ্বেগ। নিৰ্বাচনৰ আগত  নাৰেটিভ নিৰ্মাণ হোৱা পৰিলক্ষিত হৈছে চৰকাৰৰ পক্ষত অবৈধ দখল আতৰোঁৱা,ভূমি সুৰক্ষা বিদেশী-অভিবাসন ৰোধ,বন সংৰক্ষণ আনহাতে অন্য এক দৃষ্টিত নিৰ্দিষ্ট এক সম্প্রদায়ক লক্ষ্য কৰা,পুনর্বাসন–বিহীন উচ্ছেদ,ভোটাৰ অধিকাৰ হেৰুৱাৰ ভয় ,বিভাজনৰ ৰাজনীতি,এই দুয়োটা দিশে এক শক্তিশালী ৰাজনৈতিক ধাৰণা গঠন কৰিছে সমান্তৰাল ভাৱে ভোটাৰৰ অংক সলনি হোৱাৰ সম্ভাৱনা আছে ।উচ্ছেদত প্ৰভাৱিত অঞ্চলত ভোটাৰ সংখ্যা হ্ৰাস আৰু নতুন এলেকালৈ স্থানান্তৰ,এক অঞ্চলত ভোট কমি আন এখনত বৃদ্ধি। বিশেষকৈ সংখ্যালঘু জনঘনত্ব থকা অঞ্চলত ভোট  সলনিয়ে নিৰ্বাচনী সমীকৰণক  প্ৰভাৱিত কৰিব।অসমৰ উচ্ছেদ অভিযান কেৱল বন–ভূমি উদ্ধাৰ নহয়।ই এক ৰাজনৈতিক, সামাজিক, পৰিচয়মূলক আৰু গণতান্ত্ৰিক সংকট।২০২৬ৰ নিৰ্বাচন এই সংকটক অধিক স্পষ্ট কৰি তুলিব।ভোটাৰ তালিকা, বাসস্থান, অধিকাৰ আৰু পৰিচয় এই চাৰিটা স্তম্ভ পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিৰ দিশ নিৰ্ধাৰণ কৰিব।উচ্ছেদ অভিযানৰ প্ৰতিধ্বনি ২০২৬ৰ ই ভি এম মেচিনত  নিশ্চিতভাবে প্ৰতিফলিত হ’ব এয়া স্পষ্ট হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *