বান আৰু ভূমিস্খলনে ললে ভয়ংকৰ ৰূপ

Share

ইণ্ডোনেছিয়া, মালয়েছিয়া আৰু থাইলেণ্ডত বান আৰু ভূমিস্খলনে ধাৰণ কৰিছে বিধ্বংসী ৰূপ । ১৩০০ৰো অধিক লোকৰ প্ৰাণ হেৰুৱাইছে আৰু ৮০০ৰো অধিক লোক এতিয়ালৈ নিৰুদ্দেশ হৈ আছে ।হাজাৰ হাজাৰ লোকে জীৱন ৰক্ষাৰ বাবে ছাদ আৰু গছত আঁকোৱালি লৈছে ।উদ্ধাৰকাৰী দলে মৃতদেহ সন্ধানৰ কাম কৰি আছে।

ইণ্ডোনেছিয়া, মালয়েছিয়া, থাইলেণ্ডত এই দেশসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত আছে। ২ ডিচেম্বৰ মঙলবাৰে জৰুৰীকালীন দলসমূহে অসংখ্য প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল । কেইবাদিনো ধৰি এই দেশসমূহত হোৱা প্ৰচণ্ড বৰষুণে বহু অঞ্চল  ডুবাই পেলায়, যাৰ ফলত হাজাৰ হাজাৰ লোক আবদ্ধ হৈ পৰিছে । সুৰক্ষাৰ আশাত ছাদ আৰু গছত আশ্ৰয় লৈছে বহু লোকে।

জানিব পৰা মতে বানপানী আৰু ভূমিস্খলনত কমেও ১৩০৩ জন লোকৰ মৃত্যু হৈছে আৰু ইণ্ডোনেছিয়াত সৰ্বাধিক মৃত্যু হৈছে।ইণ্ডোনেছিয়াত ৭১২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে শ্ৰীলংকাত ৪১০ জন আৰু থাইলেণ্ডত ১৮১ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।মৃত্যুৰ সঠিক সংখ্যা প্ৰকাশ কৰাটো কঠিন বুলি শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকে জনাই । বান আৰু ভূমিস্খলনে ইণ্ডোনেছিয়াক আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে ।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাৰ তথ্য অনুসৰি কমেও ৫০৭ জন লোক সন্ধানহীন হৈ আছে। তেওঁলোকক উদ্ধাৰৰ বাবে  মোতায়েন কৰা হৈছে হেলিকপ্টাৰ আৰু নাও। বিষয়াসকলে জনোৱা মতে, বতৰৰ অৱনতি আৰু ক্ষতিগ্ৰস্ত আন্তঃগাঁথনিয়ে উদ্ধাৰ অভিযানত গতি মন্থৰ কৰি তুলিছে।শ্ৰীলংকাৰ দুৰ্যোগ ব্যৱস্থাপনা কেন্দ্ৰই মঙলবাৰে প্ৰকাশ কৰা অনুসৰি ৩৩৬ জন লোকৰ সন্ধান এতিয়াও অব্যাহত আছে। ভূমিস্খলনে পথ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত কৰাৰ লগতে দলং ভাঙি পৰাৰ ফলত ক্ষতিগ্ৰস্ত অঞ্চললৈ যোৱাটো কঠিন হৈ পৰিছে। ইফালে, দক্ষিণ থাইলেণ্ডত ভয়াৱহ বানৰ ফলত ১৫ লাখতকৈ অধিক ঘৰ আৰু ৩৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে। বিষয়াসকলে পানী আৰু বিদ্যুৎকে ধৰি আন্তঃগাঁথনি পুনৰুদ্ধাৰৰ কাম কৰি আছে ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *